বিগত সময়ত চৰকাৰে জল জীৱন আঁচনিৰ নামত কোটি কোটি টকা ব্য়য় কৰিলেও খোদ গুৱাহাটী মহানগৰীতেই এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে মহানগৰবাসীয়ে । এতিয়া এই লোকসকলৰ বাবে “ঘৰ ঘৰ নল, ঘৰ ঘৰ জল” শ্ল’গান অসাৰ হৈ পৰিছে । কেৱল সেয়াই নহয়, পানী নাপাই ক্ষুব্ধ জনতাই ক’লে, “ঘৰ ঘৰ চকুপানী” হৈছে ।
বিগত এমাহ ধৰি চন্দ্ৰপুৰ অঞ্চলত সম্পূৰ্ণ ৰূপে বন্ধ হৈ আছে খোৱাপানী যোগান ব্যৱস্থা । স্থানীয় ৰাইজে ২০০০ লিটাৰ পানী ১০০০ টকাত কিনিবলগীয়া হৈছে । সেইবাবে মঙলবাৰে গুৱাহাটীৰ চন্দ্ৰপুৰত তীব্র প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিলে ক্ষুব্ধ জনতাই ।

Leave a Reply

Your email address will not be published. Required fields are marked *