দেশত দ্ৰুতগতিত উষ্ণতা বৃদ্ধি পোৱাৰ বাবে নাগৰিকসকলক সৰ্বাধিক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷দেশত দ্ৰুতগতিত উষ্ণতা বৃদ্ধি পোৱাৰ বাবে নাগৰিকসকলক সৰ্বাধিক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে কয় যে এনে গৰম বতৰত শৰীৰত আৰ্দ্ৰতা ধৰি ৰখাটোৱেই মূল উপায় ।সামাজিক মাধ্যম এক্সত এলানি পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয় যে শিশু, বৃদ্ধ আৰু বাহিৰত কাম কৰাসকল বিশেষভাৱে অত্যন্ত গৰমৰ কবলত পৰে আৰু গৰমৰ সতৰ্কবাণীক কোনেও আওকাণ কৰা উচিত নহয় ৷ কাৰণ ই বিপজ্জনক হৈ পৰিব পাৰে আৰু আনকি হিটষ্ট্ৰ’কো হ’ব পাৰে ।তেওঁ কয়, ‘‘ভাৰতৰ বিভিন্ন প্ৰান্ত উষ্ণতা বৃদ্ধি আৰু ইয়াৰ লগতে অহা প্ৰত্যাহ্বানসমূহৰ সাক্ষী হৈছে । এই গৰম আমাৰ সকলোৰে ওপৰত এক সংকট আৰু মই আপোনালোক সকলোকে যিমান পাৰি সিমান সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছোঁ ।’’ Share this:FacebookX Related Post navigation আনাৰসৰ উপকাৰী গুণৰ বিষয়ে জনেনে পানীকলৈ প্ৰতিবাদ জনতাৰ