মঙলবাৰে অনুষ্ঠিত হোৱা নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত সন্ধিয়া পৰ্যন্ত ৭০ শতাংশৰো অধিক ভোটদানৰ হাৰ ৰেকৰ্ড কৰা হৈছে। দিনটোৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সমগ্ৰ সমষ্টিটোতে প্ৰায় শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া বিয়লি ৫ বজাত অন্ত পৰে।

সমষ্টিটোৰ ২,১১২ টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। ইয়াৰ ভিতৰত ৫ টা আৰ্হি ভোটকেন্দ্ৰ আৰু ৩৩৫ টা ভোটকেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত আছিল। চৰকাৰী সূত্ৰৰ মতে, ভোটগ্ৰহণৰ শেষলৈকে সমষ্টিটোৰ আঠোটা বিধানসভা খণ্ডৰ কোনো ভোটকেন্দ্ৰৰ পৰাই কোনো অপ্ৰীতিকৰ ঘটনাৰ খবৰ অহা নাই।

বিয়লি ৩ বজালৈকে লাহৰীঘাট বিধানসভা খণ্ডত সৰ্বাধিক ৭৪.৭৪ শতাংশ ভোটদান হোৱাৰ বিপৰীতে নগাঁও-বটদ্ৰৱা খণ্ডত সৰ্বনিম্ন ৬১.৯২ শতাংশ ভোটদান ৰেকৰ্ড কৰা হৈছে। আনহাতে মৰিগাঁৱত ৬৭.৮২%, ৰহাত ৬৫%, ৰূপহীহাটত ৭২.০৪%, ধিঙত ৭১.৭৯%, জাগীৰোডত ৭২.৩৮% আৰু চামগুৰিত ৭৩.৪৬% ভোটদান হৈছে।

বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাই জাগীৰোডৰ মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোটদান কৰি কয় যে উন্নয়নৰ স্বাৰ্থত ৰাইজে ভোট দিছে আৰু তেওঁৰ জয় নিশ্চিত। আনহাতে, কংগ্ৰেছ প্ৰাৰ্থী শিবামণি বৰাই নগাঁও-বটদ্ৰৱাৰ মাজগাঁও প্ৰাথমিক বিদ্যালয়ত ভোটদান কৰি আশা প্ৰকাশ কৰে যে তেওঁলোকৰ দলে এই আসনখন ধৰি ৰাখিবলৈ সক্ষম হ’ব।

এই উপ-নিৰ্বাচনত মুঠ ১৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে যদিও মূল যুঁজখন শাসকীয় এন ডি এৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মা, বিৰোধী কংগ্ৰেছৰ শিবামণি বৰা আৰু এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ মাজত হোৱাৰ সম্ভাৱনা প্ৰকট। সমষ্টিটোৰ মুঠ ১৯,০২,০০৯ গৰাকী ভোটাৰৰ বাবে ৯,৬৬৪ গৰাকী ভোটগ্ৰহণকাৰী বিষয়া-কৰ্মচাৰীক নিয়োজিত কৰা হৈছিল।

By Tarali

Leave a Reply

Your email address will not be published. Required fields are marked *