অসম চৰকাৰৰ হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম শিল্প আদি বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি ঐতিহ্যমণ্ডিত বস্ত্ৰনগৰী শুৱালকুছিৰ বাথান ভাটিচুবা ৰাজহুৱা খেলপথাৰত আয়োজিত এক বিশেষ সমাৰোহত শিপিনীসকলৰ মাজত উন্নতমানৰ উৰামাকোঁ তাঁতশাল আৰু আধুনিক হস্ততাঁত সঁজুলি আনুষ্ঠানিকভাৱে বিতৰণ কৰে। ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ সহযোগত আৰু ‘ৰাষ্ট্ৰীয় হস্ততাঁত উন্নয়ন কাৰ্যসূচী’ৰ (NHDP) অধীনত ৰূপায়িত ‘মেগা হেণ্ডলুম ক্লাষ্টাৰ’ প্ৰকল্পৰ অংশ হিচাপে এই সামগ্ৰীসমূহ বিতৰণ কৰা হয়।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে শুৱালকুছিৰ শিপিনীসকলৰ দক্ষতা আৰু প্ৰযুক্তিৰ মাজত আধুনিক সংযোগ ঘটাই হস্ততাঁত খণ্ডক সম্পূৰ্ণ আত্মনিৰ্ভৰ কৰি তোলাৰ লক্ষ্যৰে এই মেগা প্ৰকল্প হাতত লোৱা হৈছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যৌথ উদ্যোগত প্ৰায় ৩২.৪১ কোটি টকাৰ বিশাল বাজেটেৰে এই প্ৰকল্প আৰম্ভ কৰা হৈছে। ইয়াৰ জৰিয়তে অঞ্চলটোৰ ৫ খন গাঁও পঞ্চায়তৰ অধীনৰ ৬৮ খন গাঁৱৰ সকলো ৪,২৬৬ গৰাকী লক্ষ্যভুক্ত শিপিনীক ১০০% সামৰি লৈ একোখনকৈ উন্নতমানৰ উৰামাকোঁ তাঁতশাল প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

এই প্ৰকল্পৰ অধীনত লোকনিৰ্মাণ বিভাগৰ সহযোগত ৪টা কমন প্ৰচেছিং চেণ্টাৰ (CPC), আধুনিক ডাই হাউছ, পোছাক প্ৰস্তুতকৰণ ইউনিট, তিনিমহলীয়া কম্পিউটাৰাইজড ডিজাইন ষ্টুডিঅ’ (CATD), বিক্ৰী কেন্দ্ৰ, ডিজিটেল কাৰ্ড পাঞ্চিং, আধুনিক সূতা ৰং কেন্দ্ৰ আৰু ১৫০ আসনযুক্ত আৱাসৰ ব্যৱস্থা গঢ়ি তোলা হ’ব। লগতে স্থানীয়ভাৱে উৎপাদিত সামগ্ৰী বিশ্ব বজাৰত তুলি ধৰিবলৈ এক সুদৃশ্য ‘হস্ততাঁত শ্বপিং প্লাজা’ আৰু ই-বিপণন ব্যৱস্থা স্থাপন কৰা হ’ব।

By Tarali

Leave a Reply

Your email address will not be published. Required fields are marked *