নিউজউইকে একেৰাহে ছবছৰ ধৰি ভাৰতৰ শ্ৰেষ্ঠ ব্যক্তিগত চিকিৎসালয় হিচাপে স্বীকৃতি প্ৰদান কৰা গুৰগাঁওস্থিত মেদাণ্ট–দ্য মেডিচিটীয়ে অসমত ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেডৰ কৰ্মচাৰীসকলৰ বাবে সফলতাৰে আয়োজন কৰে দুদিনীয়া মেডিকেল কেম্পৰ। গুৱাহাটী আৰু বঙাইগাঁও শোধনাগাৰ চিকিৎসালয়ৰ সহযোগত আয়োজন কৰা বহুবিশেষ চিকিৎসা শিবিৰৰ  ২৩ আগষ্টত সামৰণি পৰে। এই অনুষ্ঠানটো দুটা ভিন্ন স্থানত স্থাপন কৰা হয়: প্ৰথমটো, ২২ আগষ্টত গুৱাহাটীৰ নূনমাটিৰ আইঅ’চিএল এল এণ্ড ডি চেণ্টাৰত অনুষ্ঠিত হয়। দ্বিতীয়টো স্থান আছিল ২৩ আগষ্টত বঙাইগাঁও শোধনাগাৰ হাস্পতাল।

দুয়োটা শিৱিৰতে মেদাণ্ট – দ্য মেডিচিটীৰ গেষ্ট্ৰ’ছায়েন্সৰ জ্যেষ্ঠ সঞ্চালক ডাঃ পৱন ৰাৱল আৰু  মেদাণ্ট – দ্য মেডিচিটীৰ কাৰ্ডিয়াক কেয়াৰ শাখাৰ সঞ্চালক ডাঃ শাৰদ টেণ্ডন উপস্থিত হৈ বিভিন্নজনক বিশেষজ্ঞ চিকিৎসা সেৱা আগবঢ়াইছিল। গেষ্ট্ৰাইটিছৰ সমস্যাৰ ক্ষেত্ৰত ডাঃ ৰাৱলে কয় যে, প্ৰতিৰোধমূলক যত্নত সুষম পুষ্টি, নিৰাপদ খাদ্য আৰু পানীৰ পদ্ধতি, আলচাৰ, যকৃতৰ বিকাৰ অথবা কলৰেক্টেল কেন্সাৰৰ দৰে স্থিতিৰ নিয়মীয়া পৰীক্ষা আৰু হেপাটাইটিছৰ বিৰুদ্ধে প্ৰতিষেধকৰ ওপৰত নিৰ্ভৰ কৰে। ‘স্বাস্থ্যৱান জীৱনশৈলী আৰু স্বাস্থ্যৱান শৰীৰৰ বাবে খাদ্যাভ্যাস “শীৰ্ষক বিষয়ত বক্তব্য ৰাখি মেদাণ্ট–দ্য মেডিচিটী গুৰগাঁৱৰ গেষ্ট্ৰ” চাইন্সেছৰ জ্যেষ্ঠ সঞ্চালক ডাঃ পৱন ৰাৱলে কয় যে, “নিয়মীয়া পৰীক্ষাই সম্ভাৱ্য সমস্যাবোৰ গুৰুতৰ হোৱাৰ পূৰ্বেই চিনাক্ত কৰিব পাৰে আৰু সময়মতে চিকিত্সাৰ সুযোগ থাকিব পাৰে।” 

ডাঃ টেণ্ডনে কয় যে প্ৰতিৰোধমূলক হৃদযন্ত্ৰৰ স্বাস্থ্য স্বাস্থ্যকৰ আহাৰ, শাৰীৰিক কাৰ্য-কলাপ, চাপ ব্যৱস্থাপনা আৰু নিয়মীয়া পৰীক্ষাৰ জৰিয়তে উচ্চ ৰক্তচাপ, ডায়েবেটিছ, মেদবহুলতা আৰু উচ্চ কলেষ্টেৰলৰ দৰে বিপদাশংকাৰ কাৰকবোৰ নিয়ন্ত্ৰণৰ ওপৰত নিৰ্ভৰ কৰে।  লগতে তেওঁ কয় যে, এই ব্যৱস্থাসমূহে কেৱল ৰোগৰ বোজা হ্ৰাস কৰাই নহয়, দীৰ্ঘম্যাদী সুস্থতা আৰু জীৱনৰ মানদণ্ডৰো প্ৰসাৰ ঘটায়।  গুৰগাঁৱৰ মেদাণ্ট–দ্য মেডিচিটীৰ কাৰ্ডিয়াক কেয়াৰ শাখাৰ সঞ্চালক ডাঃ শাৰদ টেণ্ডনে ‘ছাডেন কাৰ্ডিয়াক এৰেষ্ট “শীৰ্ষক বিষয়ৰ ওপৰত এক বক্তৃতানুষ্ঠানৰ সময়ত কয় যে,” সামগ্ৰিক লক্ষ্য হৈছে প্ৰতিৰোধযোগ্য ৰোগৰ আৰম্ভণি বা প্ৰগতি প্ৰতিৰোধ কৰা, লগতে উপলব্ধ অন্তৰ্নিহিত অৱস্থাবোৰ নিয়ন্ত্ৰণত ৰখাটো নিশ্চিত কৰা। ”  চিকিৎসা শিবিৰৰ বিষয়ে উল্লেখ কৰি মেদাণ্ট–দ্য মেডিচিটীৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ডাঃ নৰেশ ত্ৰেহনে কয় যে, স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত উত্তৰ-পূব ভাৰত দীৰ্ঘদিন ধৰি অৱহেলিত হৈ আহিছে।  তেওঁ কয় যে, “আমাৰ অত্যন্ত অভিজ্ঞ চিকিৎসকসকল নিজ নিজ বিভাগৰ ক্ষেত্ৰত বিশিষ্ট বিশেষজ্ঞ।  এই ক্লিনিকেল অগ্ৰণীসকলে মেদাণ্ট–দ্য মেডিচিটীৰ নীতি-‘হৰ এক জন অনমোল “(প্ৰতিটো জীৱন অমূল্য) নীতি মানি আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *