আই পি এল ২০২৬ৰ ৫৭ সংখ্যক মেচত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)য়ে চমৎকাৰ প্রদর্শন কৰি কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)ক ৬ উইকেটত পৰাস্ত কৰে৷ বিৰাট কোহলীয়ে অপৰাজিত থাকি ১০৫ ৰান অৰ্জন কৰে। কোহলীয়ে নিজৰ শতকেৰে বহু অভিলেখ ভংগ কৰে। ৬০ বলৰ ইনিংছত ১৭৫ ৰান ষ্ট্ৰাইক ৰেটত ১১টা চাৰি আৰু তিনিটা ছয় স্ক’ৰ কৰি কোহলীয়ে শতক সম্পূৰ্ণ কৰে। এইটো আছিল আই পি এলত কোহলীৰ নৱম শতক। কে কে আৰৰ বিৰুদ্ধে এইটোৱেই আছিল তেওঁৰ দ্বিতীয় শতক। লীগৰ এটা দলৰ বিৰুদ্ধে কোহলীয়ে সৰ্বাধিক শতক অৰ্জন কৰি জোছ বাটলাৰক সমতা স্থাপন কৰে। কেকেআৰ আৰু আৰচিবিৰ বিৰুদ্ধে দুটাকৈ শতক অৰ্জন কৰিছে বাটলাৰে। আই পি এলত ৰান অনুসৰণ কৰি যুটীয়াকৈ সৰ্বাধিক ৰান অৰ্জন কৰা বেটছমেন হিচাপে পৰিগণিত হৈছে বিৰাট কোহলী। কোহলীৰ বাহিৰেও এই কৃতিত্ব অৰ্জন কৰিছে কেৱল জোছ বাটলাৰে। টি-২০ ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰা বেটছমেনৰ তালিকাত বিৰাটে এতিয়া যৌথ তৃতীয় স্থানত উপনীত হৈছে। এয়া আছিল টি-২০ ক্ৰিকেটত কোহলীৰ দশম শতক। আই পি এলত সৰ্বাধিক শতক অৰ্জন কৰা বেটছমেন বিৰাট। বিৰাট কোহলীয়ে এই ইনিংছত ১৪ হাজাৰ টি-২০ ৰান সম্পূৰ্ণ কৰে। কম ইনিংছত ১৪ হাজাৰ ৰান সংগ্ৰহ কৰা বেটছমেন হিচাপে পৰিগণিত হয় কোহলি। এই মাইলৰ খুঁটি তেওঁ নিজৰ ৪০৯ সংখ্যক ইনিংছত অৰ্জন কৰে। এই ক্ষেত্ৰত বিৰাটে ক্ৰীছ গেলক অতিক্ৰম কৰে, যিয়ে নিজৰ ৪২৩ সংখ্যক ইনিংছত এই কৃতিত্ব অৰ্জন কৰিছিল। সুন্দৰ ইনিংছৰ বাবে কোহলীক ‘প্লেয়াৰ অৱ দ্য মেচ’ হিচাপে নিৰ্বাচিত কৰা হয়। বিৰাট যৌথভাৱে আই পি এলত সৰ্বাধিক বাৰ ‘প্লেয়াৰ অৱ দ্য মেচ’ বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছে। কোহলীয়ে ২১ সংখ্যক বাৰৰ বাবে ‘প্লেয়াৰ অৱ দ্য মেচ’ বঁটা লাভ কৰে। বিৰাটৰ লগতে ৰোহিত শৰ্মাই ২১ বাৰ ‘প্লেয়াৰ অৱ দ্য মেচ’ বঁটাও লাভ কৰিছে। Share this:FacebookX Related Post navigation ডাবলিন গাৰ্ডিয়ানছৰ মালিক হিচাপে ক্ৰিকেটীয় সিদ্ধান্তৰ পৰা আঁতৰত থাকিব বুলি দ্ৰাবিড়ে জনালে