ৰাহুল দ্ৰাবিড়ে জনাইছে যে ইউৰোপীয়ান টি-২০ লীগৰ (ETPL) দল ডাবলিন গাৰ্ডিয়ানছৰ (Dublin Guardians) মালিক হিচাপে তেওঁ ক্ৰিকেটীয় সিদ্ধান্তত হস্তক্ষেপ কৰাৰ কোনো পৰিকল্পনা কৰা নাই। তেওঁ লগতে কয় যে দলটো পৰিচালনা কৰাৰ ক্ষেত্ৰত অধিনায়ক ৰবিচন্দ্ৰন অশ্বিনৰ সম্পূৰ্ণ স্বাধীনতা থাকিব।
দ্ৰাবিড়ে, যিয়ে তেওঁৰ প্ৰশিক্ষক জীৱনত বিভিন্ন ফ্ৰেঞ্চাইজি মালিকৰ সৈতে কাম কৰিছে, তেওঁ কৈছে যে তেওঁৰ এই নতুন ভূমিকাৰ বাবে তেওঁ দলৰ দৈনন্দিন ক্ৰিকেট কাৰ্যকলাপৰ পৰা দূৰত্ব বজাই ৰখাৰ প্ৰয়োজন হ’ব। ভাৰতৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষকগৰাকীয়ে কয় যে তেওঁ পথাৰৰ ভিতৰৰ সিদ্ধান্তত জড়িত হোৱাতকৈ দলটোৰ চাৰিওফালে এক শক্তিশালী গাঁথনি গঢ়ি তোলাতহে গুৰুত্ব দিব।”মই সঁচাকৈয়ে ভাবো যে পৰিকল্পনাটো হ’ল মই আচলতে ক্ৰিকেটীয় দিশত জড়িত নোহোৱাটো। গতিকে এনে এটা ভাল দল গঠন কৰা যিয়ে দৈনন্দিন ভিত্তিত কামটো কৰিব পাৰে,” তেওঁ কয়। “আপোনালোকে মোক নিশ্চিতভাৱে ডাগআউটত নেদেখে। আৰু মই এনেকুৱা কোনো নহয় যি প্ৰতিটো অনুশীলনত বা আনকি প্ৰতিখন খেলত উপস্থিত থাকিব”।
দ্ৰাবিড়ে কয় যে অশ্বিনক অধিনায়ক আৰু মেণ্টৰ হিচাপে লাভ কৰাটো ফ্ৰেঞ্চাইজিৰ বাবে অতি ইতিবাচক কথা। “অশ্বিনৰ দৰে এজনক অধিনায়ক আৰু মেণ্টৰ হিচাপে লাভ কৰি আমি ভাগ্যৱান বুলি অনুভৱ কৰিছো”।
ৰাহুল দ্ৰাবিড়ৰ মতে, তেওঁৰ কাম হ’ল পথাৰৰ ভিতৰে-বাহিৰে এক ভাল দল গঠন কৰা আৰু ফ্ৰেঞ্চাইজি পৰ্যায়ত অফ-ফিল্ড কামবোৰ সুচাৰুৰূপে চলোৱাটো নিশ্চিত কৰা। ফ্ৰেঞ্চাইজিৰ মালিকীস্বত্বক “নতুন সীমান্ত” বুলি অভিহিত কৰি দ্ৰাবিড়ে স্বীকাৰ কৰে যে তেওঁৰ এই নতুন ভূমিকাত এতিয়াও বহুত শিকিবলগীয়া আছে।
ETPL প্ৰতিযোগিতাখনত আয়াৰলেণ্ড, স্কটলেণ্ড আৰু নেদাৰলেণ্ডৰ দলসমূহে অংশগ্ৰহণ কৰিব। যদিও বিশ্বজুৰি টি-২০ লীগৰ সংখ্যা বৃদ্ধি পাইছে, দ্ৰাবিড়ে বিশ্বাস কৰে যে এই লীগটোৰ নিজস্ব পৰিচয় গঢ়ি তোলাৰ পৰ্যাপ্ত সম্ভাৱনা আছে। — পিটিআই

By Tarali

Leave a Reply

Your email address will not be published. Required fields are marked *