প্ৰধান গৱেষণা-চালিত জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে সংহত বাসস্থান পুনৰুদ্ধাৰ কাৰ্যসূচী হাতত লৈছে। ইয়াৰ ভিতৰত আক্ৰমণাত্মক বিদেশী উদ্ভিদ (IAP) আঁতৰোৱা আৰু দেশীয় বীজৰ গুটি প্ৰয়োগ কৰি প্ৰাকৃতিক বনাঞ্চল পুনৰ্জননক সহায় কৰা আৰু হাতীৰ বাসস্থানৰ অৱক্ষয়িত অঞ্চলৰ পৰিৱেশগত অখণ্ডতা উন্নত কৰা অন্তৰ্ভুক্ত। আন্তৰাষ্ট্ৰীয় হাতী ফাউণ্ডেচন (IEF) ৰ সহযোগত আৰণ্যকে এই বিজ্ঞান-ভিত্তিক, সমাজ-চালিত বাসস্থান পুনৰুদ্ধাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে। অসমৰ ওদালগুৰি জিলাৰ ধনশিৰি বন বিভাগৰ অধীনৰ খালিংদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ সামৰাংত ২ হেক্টৰৰ এটা প্ৰদৰ্শনমূলক পুনৰুদ্ধাৰ স্থানত এই আঁচনি কাৰ্যকৰী কৰা হৈছে। বিশ্ব পৰিৱেশ দিৱস ২০২৬ ৰ উপলক্ষে এই আঁচনি আৰম্ভ কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে স্থানীয় সমাজক পৰিৱেশ পুনৰুদ্ধাৰত জড়িত কৰাৰ লগতে দেশীয় উদ্ভিদৰ পুনৰুদ্ধাৰক ত্বৰান্বিত কৰা। আৰণ্যকৰ দল, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় জনসাধাৰণে একেলগে ১৫,০০০ ৰো অধিক বীজৰ গুটি প্ৰস্তুত কৰি উপযুক্ত পুনৰুদ্ধাৰ স্থানত প্ৰয়োগ কৰিছে। ইয়াৰ ভিতৰত সামৰাংৰ আক্ৰমণাত্মক বিদেশী উদ্ভিদ নিয়ন্ত্ৰণৰ প্লট আৰু অঞ্চলটোৰ ভিতৰৰ অন্যান্য অৱক্ষয়িত বনাঞ্চলো আছে। জাপানী প্ৰাকৃতিক কৃষিৰ পথ প্ৰদৰ্শক মাছানোবু ফুকুওকাৰ দ্বাৰা জনপ্ৰিয় কৰা বীজৰ গুটি কৌশল বৰ্তমান অৱক্ষয়িত ভূমিৰ বাবে এক কম খৰচী, প্ৰকৃতি-ভিত্তিক পুনৰুদ্ধাৰ পদ্ধতি হিচাপে বিশ্বজুৰি স্বীকৃতি লাভ কৰিছে। এই পদ্ধতিত মাটি, বোকা আৰু জৈৱিক পদাৰ্থৰ সুৰক্ষামূলক মিশ্ৰণৰ ভিতৰত বীজ আবদ্ধ কৰি ৰখা হয়। ইয়াৰ ফলত বীজ শুকাই যোৱা কমে, চৰাই আৰু পোক-পতংগই খাই নোপোৱা হয় আৰু বতাহ বা পানীৰ প্ৰবাহত বীজ উটুৱাই নিব নোৱাৰে। প্ৰত্যক্ষকৈ নগ্ন বীজ সিঁচাৰ তুলনাত বীজৰ গুটিয়ে বীজৰ জীয়াই থকাৰ সম্ভাৱনা বৃদ্ধি কৰে, বিশেষকৈ মুকলি বা অৱক্ষয়িত অঞ্চলত। এই কৌশলত মাটিৰ প্ৰস্তুতি কম আৰু নাৰ্চাৰীৰ পৰা তুলি অনা পুলি ৰোপণৰ তুলনাত শ্ৰমও যথেষ্ট কম লাগে। গতিকে বৃহৎ, দুৰ্গম বা যাতায়ত কঠিন অঞ্চল পুনৰুদ্ধাৰৰ বাবে এই পদ্ধতি বিশেষভাৱে উপযোগী। অনুকূল বৰষুণ আৰু স্থানীয় পৰিস্থিত বীজবোৰে স্বাভাৱিকভাৱে অংকুৰণ হ’বলৈ দিয়াই বীজৰ গুটিয়ে প্ৰাকৃতিক পুনৰ্জনক সহায় কৰে আৰু পুনৰুদ্ধাৰ অঞ্চলত দেশীয় প্ৰজাতিৰ বৈচিত্ৰ্য বৃদ্ধি কৰে। বীজৰ গুটি প্ৰস্তুত কৰোতে জামু (Syzygium cumini), ভেলকৰ (Trewa nudiflora), ওদাল (Starculia velosa), বেল (Aegle marmelos), গমাৰি (Gmelina arborea), খাইৰ (Acacia catechu), শিমলু (Bombax ceiba) আৰু কুম (Careya arborea var. assamica) আদি দেশীয় বৃক্ষৰ বীজ ব্যৱহাৰ কৰা হৈছে। নিৰ্বাচিত দেশীয় প্ৰজাতিসমূহ দীৰ্ঘম্যাদী বাসস্থান পুনৰুদ্ধাৰত অৰিহণা আৰু পৰিপূৰক পৰিৱেশগত ভূমিকাৰ বাবে বাছি লোৱা হৈছে। জামু, বেল, কুম আৰু খাইৰ দৰে ফল-মূল আৰু খাদ্য প্ৰদানকাৰী প্ৰজাতিয়ে হাতী আৰু অন্যান্য বন্যপ্ৰাণীৰ বাবে গুৰুত্বপূৰ্ণ খাদ্যৰ যোগান ধৰে। আনহাতে গমাৰি, শিমলু আৰু অন্যান্য দেশীয় প্ৰজাতিয়ে বনৰ চালি গঠনত সহায় কৰে, জৈৱিক পদাৰ্থৰ যোগানেৰে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে, কাৰ্বন শোষণত সহায় কৰে আৰু বনাঞ্চলৰ গাঁথনিগত জটিলতা আৰু পৰিৱেশগত স্থিতিস্থাপকতা পুনৰুদ্ধাৰত অৰিহণা যোগায়। প্ৰস্তুতিৰ পিছত বীজৰ গুটিবোৰ অৱক্ষয়িত বনাঞ্চলত কৌশলগতভাৱে সিঁচি দিয়া হয়, যাতে পৰম্পৰাগত পুলি ৰোপণৰ প্ৰচেষ্টাক পৰিপূৰক কৰিব পাৰি। এই পদ্ধতিয়ে পুনৰুদ্ধাৰ অঞ্চলত দেশীয় প্ৰজাতিৰ অধিক বৈচিত্ৰ্যৰ প্ৰৱৰ্তন ঘটায় আৰু অনুকূল প্ৰাকৃতিক পৰিস্থিত বীজ অংকুৰণ হ’বলৈ সুযোগ দিয়ে। আক্ৰমণাত্মক বিদেশী উদ্ভিদ আঁতৰোৱাৰ লগত এই পদ্ধতি সংযোজন কৰিলে পৰিৱেশ তন্ত্ৰৰ পুনৰুদ্ধাৰ শক্তিশালী হয়। ইয়াৰ ফলত দেশীয় বীজৰ উপলব্ধতা বৃদ্ধি পায় আৰু বনাঞ্চল পুনৰ্জনৰ দীৰ্ঘম্যাদী গতিপথ উন্নত হয়। ৰাবিয়া দৈমাৰী, অভিজিৎ শইকীয়া, অভিলাষা বৰুৱা, বিস্তিৰ্ণা বুঢ়াগোহাঁই, দিবাকৰ নায়ক, বিকাশ টচা, মানৱ নায়ক আৰু প্ৰদীপ বৰ্মনৰ সৈতে আৰণ্যকৰ দল আৰু জাইলখ্লং সমাজ নাৰ্চাৰী আৰু অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগত এই আঁচনি ৰূপায়ণ কৰা হৈছে। পৰিৱেশ বিজ্ঞান, সমাজৰ অংশগ্ৰহণ আৰু পৰিৱেশ সুৰক্ষাৰ সংমিশ্ৰণেৰে এই আঁচনিয়ে স্থিতিস্থাপক বনাঞ্চল পুনৰ্গঠন আৰু এছিয়ান হাতীৰ লগতে খালিংদুৱাৰ অঞ্চলৰ সমৃদ্ধ জৈৱ বৈচিত্ৰ্যৰ বাসস্থান সুৰক্ষিত কৰাত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। Share this:FacebookX Related Post navigation কাইলেনজাং গাঁৱত তিনিটা ঘৰ জ্বলি ছাই, এনএছচিএন-আইএমৰ কেডাৰ জড়িত থকাৰ সন্দেহ