জৈৱিক সেউজীয়া চাহৰ সৈতে ৰেডি টু ড্ৰিংক পানীয় অনেষ্ট টিয়ে জনপ্ৰিয় লেখিকা, স্তম্ভলেখক আৰু সুস্থতা সচেতন টুইংকল খান্নাৰ সহযোগত নতুন #ফাইণ্ডয়ৰগুড অভিযান মুকলি কৰাৰ কথা সগৌৰৱে ঘোষণা কৰিছে। শেহতীয়াভাৱে মুকলি কৰা ফিল্মখনত টুইংকল খান্নাই বিখ্যাত মাকৈবাৰী চাহ বাগিচাৰ পৰা আহৰণ কৰা জৈৱিক সেউজীয়া চাহৰ পৰা তৈয়াৰী #অনেষ্টটিৰ জৰিয়তে দৈনন্দিন বিশৃংখলতা-ব্যস্ততাৰ মাজত নিজকে শান্তি বিচাৰি পোৱাৰ দৃশ্য তুলি ধৰা হৈছে।

অনেষ্ট টিয়ে মানুহক নিজৰ জিৰণি লোৱাৰ ধৰণ বাচি ল’ববলৈ উৎসাহিত কৰাৰ বাবে এক অভিযান আৰম্ভ কৰিছে, ইয়াৰ বাবে দুবিধ সুস্বাদু ফ্লেভাৰ আগবঢ়াইছে: নেমু-তুলসী আৰু আম। সামাজিক ছবি আৰু ডিজিটেল মাধ্যমেৰে সক্ৰিয়কৰণৰ জৰিয়তে এই অভিযান প্ৰচাৰ কৰা হ’ব, ডব্লিউ পি পি অ’পেন এক্সে প্ৰস্তুত কৰিছে এই প্ৰচাৰ ছবিখন। এই ফিল্মখনত এটা বিশেষ সম্পৰ্ক থকা মুহূৰ্তক তুলি ধৰিছে য’ত টুইংকল খান্নাই নিজৰ টু-ডু লিষ্ট(কৰিব লগা কাম)ৰ সাজু হয়, এই সময়ছোৱাত একাপ অনেষ্ট চাহ উপভোগ কৰি কয় যে, “আপোনাৰ বাবে কি ভাল কি বেয়া সেই বিষয়ে বিবেচনা আপোনাৰ ওপৰতে সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে।” লগতে টুইংকল খান্নাই কয় যে, “দৈনন্দিন জীৱনত আনন্দ আৰু ভাৰসাম্য অন্বেষণ কৰাৰ প্ৰয়োজনীয়তাৰ দ্বাৰা উদ্ভাসিত হৈ হৈ অনেষ্ট টিৰ এই অভিযানে আধুনিক মহিলা কল্যাণৰ ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন আনিবলৈ প্ৰয়াস কৰিছে।”

বৰ্তমান কেইখনমান নিৰ্বাচিত চহৰ- বেংগাগালুৰু, মুম্বাই, হায়দৰাবাদ, চেন্নাই, পুনে আৰু গুৰগাঁৱৰ ই-কমাৰ্চ প্লেটফৰ্মত ৬০ টকা মূল্যত উপলব্ধ অনেষ্ট টি। অধিক জানিবলৈ চাওক অনেষ্ট টিৰ ইনষ্টাগ্ৰাম পেজ – @honestteaindia। ইউটিউবৰ জৰিয়তেও আগ্ৰহীসকলে প্ৰচাৰ ছবিখন চাব পাৰিব- https://www.youtube.com/watch?v=6IScKb3ZUg4।

Leave a Reply

Your email address will not be published. Required fields are marked *