এক কোটি টকাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল এগৰাকী আইপিএছ বিষয়া। শেহতীয়াকৈ চিবিআইয়ে অভিযান চলাই ঘোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে হাৰিয়ানা কেডাৰৰ ২০১২ বৰ্ষৰ আইপিএছ বিষয়া দীপক গেহলাৱটক। পুডুচেৰীৰ প্ৰায় ৫,০০০ কোটি টকাৰ ভুৱা ঔষধ কেলেংকাৰিৰ তদন্তৰ মাজতে সংঘটিত এই গ্ৰেপ্তাৰে বৃহৎ কেলেংকাৰীৰ গোচৰটোত নতুন তাৎপৰ্যৰ সৃষ্টি কৰিছে।

চিবিআইৰ সূত্ৰ অনুসৰি, ধৃত বিষয়াজন হৈছে হাৰিয়ানা কেডাৰৰ ২০১২ বৰ্ষৰ আইপিএছ বিষয়া দীপক গেহলাৱট। অভিযোগ অনুসৰি, আইপিএছ বিষয়াগৰাকীয়ে কেলেংকাৰীটোৰ অন্যতম অভিযুক্ত ৰাজাৰ পৰা তেওঁ মুঠ তিনি কোটি টকা উৎকোচ দাবী কৰিছিল। সেই দাবী কৰা ধনৰ ভিতৰত ইতিমধ্যে এক কোটি টকা তেওঁ গ্ৰহণ কৰিছিল বুলিও তদন্তকাৰী সংস্থাই অভিযোগ কৰিছে।

উল্লেখ্য যে, এই কেলেংকাৰীৰ তদন্তত প্ৰায় এমাহ পূৰ্বে দিল্লী আৰক্ষীৰ এজন পৰিদৰ্শকসহ দুজন লোকক গ্ৰেপ্তাৰ কৰিছিল চিবিআইয়ে। সেই তদন্তৰ সূত্ৰ ধৰিয়েই আইপিএছ বিষয়াজনৰ জড়িত থকাৰ তথ্য পোহৰলৈ আহে।

চিবিআইয়ে বৰ্তমান উৎকোচ লেনদেনৰ লগতে সমগ্ৰ কেলেংকাৰিটোৰ সৈতে জড়িত আন ব্যক্তি আৰু আৰ্থিক লেনদেনৰ শৃংখলাও তদন্ত কৰি আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *