মেঘালয়ৰ বহুচৰ্চিত ৰাজা ৰঘুবংশী হত্যাকাণ্ড গোচৰক কেন্দ্ৰ কৰি চলি থকা আইনী যুঁজত পুনৰ মুখথেকেচা খাবলগীয়া হ’ল মেঘালয় চৰকাৰ। সোণম ৰঘুবংশীৰ জামিনৰ ওপৰত তাৎক্ষণিক স্থগিতাদেশ জাৰি কৰিবলৈ উচ্চতম ন্যায়ালয়ে অস্বীকাৰ কৰাৰ লগতে গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন নিৰ্ধাৰণ কৰে।

বিচাৰপতি এম এম সুন্দৰেশ আৰু শীল নাগুৰ খণ্ডপীঠৰ সন্মুখত মেঘালয় চৰকাৰৰ হৈ উপস্থিত হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই যুক্তি দাঙি ধৰে যে, সোণম ৰঘুবংশীৰ বিৰুদ্ধে অভিযোগ অতি গুৰুতৰ। কেৱল এটা কাৰিকৰী ত্ৰুটিৰ ভিত্তিত তেওঁক জামিন দিয়াটো উচিত হোৱা নাছিল বুলিও আদালতত উল্লেখ কৰে তেওঁ। লগতে অভিযুক্তা পলায়ন কৰাৰ আশংকা থকাৰ কথা উল্লেখ কৰি উচ্চ ন্যায়ালয়ৰ আদেশত তাৎক্ষণিক স্থগিতাদেশ বিচাৰে।

অৱশ্যে এই আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে উচ্চতম ন্যায়ালয়ে। খণ্ডপীঠে মন্তব্য কৰে যে, সোণম ইতিমধ্যে জামিনত মুক্তি পাই বিচাৰ আদালতে আৰোপ কৰা চৰ্ত অনুসৰি শ্বিলঙত অৱস্থান কৰি আছে। এনে পৰিস্থিতিত এই মুহূৰ্তত জামিন স্থগিত কৰাৰ ক্ষেত্ৰত আদালতে সতৰ্কতা অৱলম্বন কৰা উচিত।

শুনানিৰ সময়ত আদালতে মৌখিকভাৱে কয় যে, অভিযুক্তাক গ্ৰেপ্তাৰৰ ভিত্তি সম্পূৰ্ণৰূপে জনোৱা হোৱা নাছিল বুলি এই পৰ্যায়ত ক’ব নোৱাৰি। লগতে আদালতে এই মন্তব্যও কৰে যে, অপৰাধ যিমানেই গুৰুতৰ নহওক কিয়, জামিনেই নিয়ম আৰু কাৰাবাস ব্যতিক্ৰম।” অৱশ্যে এই গোচৰত মেঘালয় উচ্চ ন্যায়ালয়ে বিষয়টো যিদৰে বিবেচনা কৰিছে, সেয়া লৈ খণ্ডপীঠৰ সংৰক্ষণ আছে বুলিও উল্লেখ কৰে।

উচ্চতম ন্যায়ালয়ে সোণম ৰঘুবংশীৰ অধিবক্তাক মেঘালয় চৰকাৰৰ আবেদনৰ উত্তৰত প্ৰত্যুত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। গোচৰটোৰ পৰৱৰ্তী শুনানি অহা বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব।

উল্লেখ্য যে, সোণম ৰঘুবংশীৰ জামিন বাতিলৰ দাবীৰে মেঘালয় চৰকাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। চৰকাৰৰ যুক্তি আছিল, বিচাৰ আদালতে কেৱল গ্ৰেপ্তাৰৰ নথিত ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা উল্লেখত হোৱা এটা টাইপজনিত ভুলৰ ভিত্তিত জামিন মঞ্জুৰ কৰিছে। চৰকাৰৰ মতে, এনে ত্ৰুটি জামিন দিয়াৰ বাবে যথেষ্ট ভিত্তি হ’ব নোৱাৰে।

ইয়াৰ পূৰ্বে বিচাৰ আদালতে গ্ৰেপ্তাৰৰ নথিপত্ৰত ভাৰতীয় ন্যায় সংহিতাৰ ১০৩(১) ধাৰাৰ সলনি ভুলবশতঃ ৪০৩(১) ধাৰাৰ উল্লেখ কৰা হৈছিল বুলি পৰ্যবেক্ষণ কৰি সোণম ৰঘুবংশীক চৰ্তসাপেক্ষে জামিন প্ৰদান কৰিছিল। সেই আদেশ বহাল ৰাখিছিল মেঘালয় উচ্চ ন্যায়ালয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *