ধ্বংসস্তূপত পৰিণত হ’ল এটা ১২৫ বছৰ পুৰণি ঐতিহাসিক গুৰুদ্বাৰ। সংখ্যালঘু সম্প্ৰদায়ৰ উপাসনাস্থলীৰ সুৰক্ষাক লৈ পুনৰ উদ্বেগ বৃদ্ধি হোৱাৰ মাজতে পাকিস্তানত সংঘটিত এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া ভাৰততো সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ভাৰত চৰকাৰে এই ঘটনাৰ বিৰুদ্ধে কঠোৰ কূটনৈতিক আপত্তি প্ৰকাশ কৰাৰ লগতে দোষীসকলৰ বিৰুদ্ধে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে।

অভিযোগ অনুসৰি, পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ ফাৰুকাবাদত অৱস্থিত গুৰুদ্বাৰ সিংহ সভা নামৰ ঐতিহাসিক উপাসনাস্থলীটো স্থানীয় এজন ব্যৱসায়ীয়ে বুলড’জাৰেৰে ভাঙি পেলায়। সংশ্লিষ্ট বিভাগৰ অনুমতি অবিহনে এই ধ্বংস চলায় ব্যৱসায়ীজনে। পাকিস্তানৰ চৰকাৰী বিষয়াসকলে সদৰী কৰা অনুসৰি, গুৰুদ্বাৰটো ভাঙি পেলোৱাৰ পূৰ্বে বাধ্যতামূলক অনাপত্তি প্ৰমাণপত্ৰ সংগ্ৰহ কৰা হোৱা নাছিল।

ঘটনাটোক “অত্যন্ত নিন্দনীয়” আৰু “লক্ষ্যভিত্তিক ধ্বংসলীলা” আখ্যা দি ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কঠোৰ ভাষাৰে নিন্দা জনায়। মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে পাকিস্তান চৰকাৰে অতি সোনকালে ঘটনাটোৰ পূৰ্ণাংগ তদন্ত সম্পন্ন কৰি জড়িতসকলক আইনৰ আওতালৈ আনিব লাগে।

লগতে ধ্বংস কৰা গুৰুদ্বাৰটোৰ ক্ষতিগ্ৰস্ত অংশসমূহ শীঘ্ৰে পুনৰ নিৰ্মাণ কৰাৰ দাবীও জনাইছে ভাৰতে। স্থানীয় প্ৰশাসন আৰু ইভাকুৱি ট্ৰাষ্ট প্ৰ’পাৰ্টি ব’ৰ্ডে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগেও গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে বুলি মন্ত্ৰালয়ে উল্লেখ কৰে।

ভাৰত চৰকাৰে লগতে কয় যে পাকিস্তানত সংখ্যালঘু সম্প্ৰদায় আৰু তেওঁলোকৰ ধৰ্মীয় উপাসনাস্থলীৰ ওপৰত সংঘটিত হৈ থকা ঘটনাসমূহে এক চিন্তাজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে। সংখ্যালঘুসকলৰ সুৰক্ষা, ধৰ্মীয় স্বাধীনতা আৰু উপাসনাস্থলীৰ নিৰাপত্তা নিশ্চিত কৰাটো পাকিস্তান চৰকাৰৰ দায়িত্ব বুলিও ভাৰতে স্পষ্ট কৰি দিয়ে।

ইফালে, দিল্লী শিখ গুৰুদ্বাৰ পৰিচালনা সমিতিৰ এটা প্ৰতিনিধি দলে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিষয়াবৰ্গক সাক্ষাৎ কৰি বিষয়টোত কূটনৈতিক হস্তক্ষেপ বিচাৰে। সমিতিখনে পাকিস্তান চৰকাৰৰ ওচৰত কঠোৰ প্ৰতিবাদ জনোৱাৰ লগতে গুৰুদ্বাৰটোৰ সম্পূৰ্ণ পুনৰ নিৰ্মাণ নিশ্চিত কৰাৰ দাবী উত্থাপন কৰে।

ঘটনাটোৰ পিছতে পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ মুখ্যমন্ত্ৰী মৰিয়ম নৱাজে বিষয়টোত দৃষ্টি আকৰ্ষণ কৰে। সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী ৰমেশ সিং অৰোৰাই ঘটনাস্থলী পৰিদৰ্শন কৰি অনুসন্ধান আৰম্ভ কৰাৰ নিৰ্দেশ দিয়াৰ লগতে গুৰুদ্বাৰটোৰ পুনৰ নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথাও ঘোষণা কৰে।

আনহাতে, গুৰুদ্বাৰটোৰ চৌহদত বহু বছৰ ধৰি ব্যৱসায় চলাই অহা একাংশ স্থানীয় ব্যৱসায়ীয়ে পুনৰ নিৰ্মাণৰ সিদ্ধান্তক লৈ আপত্তি প্ৰকাশ কৰিছে। উচ্ছেদৰ পৰিস্থিতি সৃষ্টি হ’লে বিকল্প বাসস্থান আৰু জীৱিকাৰ ব্যৱস্থা নিশ্চিত কৰাৰ দাবীও তেওঁলোকে পাকিস্তান চৰকাৰৰ ওচৰত জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *