মহানগৰীত সংঘটিত এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল এজন বাইক আৰোহী যুৱকে। শনিবাৰে গভীৰ নিশা ৰুক্মিণীগাঁও উৰণীয়া সেতুত গুৱাহাটী পৌৰ নিগমৰ পথ পৰিষ্কাৰ কৰা বাহনত তীব্ৰ বেগে বাইকখন খুন্দা মৰাৰ ফলত ঘটনাস্থলীতেই মৃত্যু হয় দিব্যাংশু আগৰৱালৰ। আৰক্ষীয়ে জনোৱা মতে, পথ পৰিষ্কাৰৰ কামত নিয়োজিত হৈ থকা গুৱাহাটী পৌৰ নিগমৰ বাহনখনত বাইকখন খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়। সংঘৰ্ষৰ অভিঘাত ইমানেই তীব্ৰ আছিল যে যুৱকজনক উদ্ধাৰ কৰাৰ সুযোগ নোপোৱাকৈয়ে তেওঁৰ মৃত্যু হয়। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ মৰ্গলৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাটোৰ সঠিক কাৰণ নিৰ্ণয় কৰিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। Share this:FacebookX Related Post navigation পাকিস্তানত ১২৫ বছৰ পুৰণি গুৰুদ্বাৰত বুলড’জাৰ! সংখ্যালঘুৰ ধৰ্মীয় সুৰক্ষাক লৈ উদ্বেগ ভাৰতৰ চাইবাৰ প্ৰৱঞ্চনা আৰু অনলাইন জুৱা চক্ৰৰ বিৰুদ্ধে অভিযান; হাইলাকান্দিত চাৰিজন গ্ৰেপ্তাৰ