অনলাইন প্ৰৱঞ্চনা আৰু অবৈধ অনলাইন জুৱাৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা অভিযানত জালত পৰিল চাৰিজনকৈ অভিযুক্ত। হাইলাকান্দিত চলোৱা তদন্তত লাখ লাখ টকাৰ চাইবাৰ প্ৰৱঞ্চনা আৰু অনলাইন জুৱাৰ কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে।

আৰক্ষীয়ে জনোৱা মতে, গ্ৰেপ্তাৰ হোৱা লোককেইজনে অনলাইন আৰ্থিক প্ৰৱঞ্চনাৰ লগতে অনলাইন বাজিৰ বিভিন্ন এপ চলাই আহিছিল। বৃহত্তৰ এক সংঘবদ্ধ চাইবাৰ অপৰাধী নেটৱৰ্কৰ অংশ হিচাপে তেওঁলোকে কাম কৰি আছিল বুলিও সন্দেহ প্ৰকাশ কৰিছে তদন্তকাৰী সংস্থাই।

তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, অনলাইন জুৱাৰ কাৰ্যকলাপ পৰিচালনাৰ বাবে চীনৰ এটা হেকাৰ চক্ৰৰ সৈতে যোগাযোগ ৰাখিছিল অভিযুক্তসকলে। সেই যোগাযোগৰ জৰিয়তে অনলাইন জুৱাৰ নেটৱৰ্ক পৰিচালনা কৰা হৈছিল নেকি, সেই দিশটোও তদন্ত কৰি আছে আৰক্ষীয়ে।

গ্ৰেপ্তাৰ হোৱা চাৰিজনৰ ভিতৰত গৌৰৱ ৰায় চৌধুৰী আৰু জাহাৰুল হাছান চৌধুৰীৰ পৰিচয় নিশ্চিত কৰা হৈছে। আন দুজনৰ পৰিচয় এতিয়াও আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হোৱা নাই।

এই চক্ৰটোৰ আৰ্থিক লেনদেন, ইয়াৰ সৈতে জড়িত আন সদস্য আৰু সমগ্ৰ নেটৱৰ্কৰ বিস্তৃতি উদ্ঘাটনৰ লক্ষ্যৰে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *