চৰকাৰী প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ পিছতো চুক্তিভিত্তিক ধন মুকলি কৰাৰ নামত ঠিকাদাৰৰ পৰা ঘোচ লৈ হাতে-লোটে ধৰা পৰিল লোকনিৰ্মাণ বিভাগৰ এগৰাকী সহকাৰী কাৰ্যবাহী অভিযন্তা। মঙলবাৰে ডিব্ৰুগড়স্থিত লোকনিৰ্মাণ বিভাগৰ (গৃহ শাখা) অধীক্ষক অভিযন্তাৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে এক অতৰ্কিত অভিযান চলাই উৎকোচ গ্ৰহণৰ মুহূৰ্ততে গ্ৰেপ্তাৰ কৰে অভিযন্তা মৃদুল বাগলাৰীক।

জানিব পৰা মতে, লাহোৱালৰ মাদৰখাট চাহ বাগিচাত প্ৰায় ১ কোটি ৪০ লাখ টকা ব্যয়সাপেক্ষ জগন্নাথ কমিউনিটি হল আৰু এটা দক্ষতা বিকাশ কেন্দ্ৰ নিৰ্মাণৰ তিনিটাকৈ প্ৰকল্পৰ কাম লাভ কৰিছিল ৰাজ শেখৰ হাজৰিকা নামৰ এজন ঠিকাদাৰৰ প্ৰতিষ্ঠানে। নিৰ্ধাৰিত সময়ৰ ভিতৰতে কামসমূহ সম্পূৰ্ণ কৰা হৈছিল যদিও প্ৰকল্পৰ বাকী থকা ধন মুকলিৰ নথিপত্ৰত স্বাক্ষৰ কৰাৰ বাবদ সহকাৰী কাৰ্যবাহী অভিযন্তা মৃদুল বাগলৰীয়ে ঠিকাদাৰজনৰ পৰা ১ লাখ ৫০ হাজাৰ টকাৰ উৎকোচ দাবী কৰে। পৰৱৰ্তী সময়ত বুজাবুজিৰ অন্তত এই ধনৰ পৰিমাণ ১ লাখ ৩০ হাজাৰ টকালৈ হ্ৰাস কৰা হয়।

ঘোচ নিদিয়া পৰ্যন্ত বিল মুকলি নকৰাত উপায়হীন হৈ ঠিকাদাৰ হাজৰিকাই মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ কাষ চাপে। সেই অভিযোগৰ ভিত্তিত তদাৰকী শাখাৰ দলটোৱে কাৰ্যালয় চৌহদত এক বিশেষ ফান্দ পাতে। পৰিকল্পনা অনুসৰি, ঘোচৰ প্ৰথম কিস্তিৰ ৩০ হাজাৰ টকা হাতত লৈ থকা অৱস্থাতে বাগলৰীক হাতে-লোটে কৰায়ত্ত কৰে দলটোৱে।

গ্ৰেপ্তাৰৰ পাছতেই তদাৰকী কোষৰ এটা দলে ডিব্ৰুগড়ৰ খনিয়াগাঁৱত থকা অভিযুক্ত বিষয়াগৰাকীৰ বাসগৃহতো দীৰ্ঘ সময় ধৰি তালাচী চলায়। দুৰ্নীতিৰ বিৰুদ্ধে চলোৱা এই অতৰ্কিত অভিযানে সমগ্ৰ জিলাখনৰ চৰকাৰী মহলত তীব্ৰ জোকাৰণি সৃষ্টি কৰিছে। ইতিমধ্যে বিষয়াজনৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰি তদন্ত অব্যাহত ৰাখিছে তদাৰকী শাখাই।

Leave a Reply

Your email address will not be published. Required fields are marked *