৯নং নগাঁও সংসদীয় সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ ৬ অক্টোবৰত সম্পূৰ্ণ শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে সফলতাৰে অনুষ্ঠিত হয়। নগাঁও আৰু মৰিগাঁও দুয়োখন নিৰ্বাচনী জিলাৰ পৰা পোৱা তথ্য অনুসৰি পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ সম্পূৰ্ণ হোৱালৈকে ভোটদানৰ হাৰ ৭৬.১৯%। সমষ্টিটোৰ আটাইবোৰ ভোটকেন্দ্ৰত গভীৰ উৎসাহেৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ নাগৰিকৰ দীঘলীয়া শাৰী দেখা যায়। আইন-শৃংখলা বজাই ৰাখি জ্যেষ্ঠ নাগৰিক, দিব্যাংগ ভোটাৰকে ধৰি সকলো ভোটাৰক প্ৰয়োজনীয় সহায় আগবঢ়াই ভোটগ্ৰহণ প্ৰক্ৰিয়াটোক সফল কৰি তোলা হয়। উল্লেখযোগ্য যে, সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যবেক্ষণ অনুসৰি কোনো ধৰণৰ পুনৰ ভোটগ্ৰহণৰ প্ৰয়োজনীয়তা নাই।

ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে সমষ্টিটোৰ সকলো নাগৰিককে তেওঁলোকৰ সক্রিয় অংশগ্রহণ আৰু সহযোগিতাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।

By Tarali

Leave a Reply

Your email address will not be published. Required fields are marked *