নিজকে উচ্চপদস্থ চৰকাৰী বিষয়া বুলি ভুৱা পৰিচয় দি দেশৰ বিভিন্ন প্ৰান্তত প্ৰৱঞ্চনা চলোৱাৰ অভিযোগত অসমৰ এগৰাকী মহিলাক পুনৰ গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ব্যৱসায়ীকে ধৰি একাধিক লোকক লক্ষ্য কৰি ধন আত্মসাৎ কৰাৰ অভিযোগত ওড়িশাত গ্ৰেপ্তাৰ কৰা হৈছে মনালী হাজৰিকাক।

অভিযোগ অনুসৰি, মনালী হাজৰিকাই বিভিন্ন সময়ত নিজকে শিক্ষা মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়া, চিকিৎসক অথবা ফেশ্বন ডিজাইনাৰ বুলি পৰিচয় দি বহু লোকৰ বিশ্বাস অৰ্জন কৰিছিল। সেই পৰিচয়ৰ সুযোগ লৈ তেওঁ বিভিন্ন প্ৰকাৰৰ প্ৰৱঞ্চনা চলাইছিল বুলি তদন্তকাৰী সংস্থাই অভিযোগ উত্থাপন কৰিছে।

তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, হোটেলৰ বিল আৰু টেক্সি চালকৰ ভাড়া পৰিশোধ নকৰা, দামী গাড়ী ভাড়াত লৈ উধাও হোৱা, পুনেৰ এটা কেব সংস্থাৰ প্ৰায় ২.৭ লাখ টকা আত্মসাৎ কৰা, চাহ যোগানৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰা আৰু ২০১৭ চনত এজন বিনিয়োগকাৰীৰ পৰা ৮ লাখ টকা প্ৰৱঞ্চনাৰে আদায় কৰাৰ অভিযোগ আছে তেওঁৰ বিৰুদ্ধে।

ভুৱা নথি-পত্ৰ ব্যৱহাৰ কৰি প্ৰৱঞ্চনা চলোৱাৰ অভিযোগত ইয়াৰ পূৰ্বেও মুম্বাই আৰক্ষীয়ে মনালী হাজৰিকাক গ্ৰেপ্তাৰ কৰিছিল বুলি জানিব পৰা গৈছে।

শেহতীয়া ঘটনাত ব্যৱসায়ীসকলক লক্ষ্য কৰি প্ৰৱঞ্চনা কৰাৰ অভিযোগত ভাৰতীয় ন্যায় সংহিতাৰ ৩১৮(৪) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। বৰ্তমান ধৃত মহিলাগৰাকীক সোধা-পোছা অব্যাহত ৰাখিছে তদন্তকাৰী সংস্থাই।

Leave a Reply

Your email address will not be published. Required fields are marked *