গুৱাহাটীলৈ অনা হল বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ নশ্বৰদেহ। উন্নত চিকিৎসাৰ বাবে চেন্নাইলৈ যোৱা দীপক শৰ্মা উভতিল কফিনতহে। চেন্নাইৰ পৰা এখন বিশেষ ইণ্ডিগ’ বিমানেৰে তেওঁৰ মৃতদেহ কঢ়িয়াই অনা হয়। বিমানবন্দৰৰ পৰা শিল্পীগৰাকীৰ নিথৰদেহ পোনে পোনে গুৱাহাটীৰ বাসগৃহলৈ অনা হয়।

প্রশাসনীয় কটকটীয়া নিৰপত্তাৰ ব্যৱস্থাৰ মাজেৰে শৰ্মাৰ নশ্বৰদেহ বিমান বন্দৰৰ পৰা লৈ অনা হয়। অন্তিমবাৰ তেওঁক কাষৰ পৰা চাবলৈ বিমানবন্দৰত ভিৰ কৰে অনুৰাগীসকলে।  

অসমীয়া সমাজ জীৱনৰ বাবে যথেষ্ট বৰঙণি আগবঢ়োৱা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদকগৰাকীৰ মৃত্যুৱে অসমীয়া সাংস্কৃতিক জগতখনৰ যথেষ্ট ক্ষতি কৰে বুলি বিভিন্নজনে মন্তব্য কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। পৰিয়ালৰ সদস্যই জনোৱা অনুসৰি শিল্পী দীপক শৰ্মাৰ শেষকৃত্য নৱগ্ৰহ শ্মশানতে সম্পন্ন কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *