ভিটামিন ইৰ অন্যতম প্ৰকাৰ ট’ক’ট্ৰায়েনল নিজৰ শক্তিশালী এণ্টিঅক্সিডেণ্ট গুণৰ বাবে অধিকাংশৰে জ্ঞাত। প্ৰদূষণ আৰু বিকিৰণৰে দৰে পৰিৱেশৰ কাৰকৰ ফলত শৰীৰত উৎপন্ন হোৱা অক্সিডেচনৰ ফলত হোৱা কোষৰ ক্ষতি ৰোধ অথবা লেহেমীয়া কৰিব পৰা পদাৰ্থ হৈছে এণ্টিঅক্সিডেণ্ট। ট’ক’ট্ৰায়েনল আৰু অন্যান্য এণ্টিঅক্সিডেণ্টে হৃদৰোগ আৰু কৰ্কট ৰোগৰ দৰে দীৰ্ঘদিনীয়া আৰু জটিল ৰোগ হোৱাৰ সম্ভাৱনা হ্ৰাস কৰাকে ধৰি সম্ভাৱ্য স্বাস্থ্য উপকাৰিতা প্ৰদান কৰে বুলি বিশ্বাস কৰা হয়। তৈলপামত থকা ট’ক’ট্ৰায়েনলে স্বাস্থ্যৰ বাবে উপকাৰী গণ যেনে হৃদযন্ত্ৰৰ সুৰক্ষা, ইনফ্লেমেচন ৰিডাকচন(প্ৰদাহ হ্ৰাস) আৰু কৰ্কট ৰোগ প্ৰতিৰোধৰ সৈতে সম্পৰ্ক আছে তৈলপামৰ। মালয়েছিয়াৰ তৈলপামে শেহতীয়াভাৱে সকলোতে জনপ্ৰিয়তা লাভ কৰিছে কিয়নো গ্ৰাহকসকলে স্বাস্থ্যক অগ্ৰাধিকাৰ দিছে আৰু সকলোৱে দৈনন্দিন পুষ্টিগ্ৰহণ বা খাদ্যতালিকাত ট’ক’ট্ৰায়েনল অন্তৰ্ভুক্ত কৰিব বিচাৰিছে। মালয়েচিয়ান তৈলপামে বিভিন্ন উদ্যোগত নিজৰ বহুমুখী প্ৰতিভা আৰু ব্যাপক ব্যৱহাৰৰ বাবে জ্ঞাত, ট’ক’ট্ৰায়েনল আৰু টকোফেৰলৰ এক গুৰুত্বপূৰ্ণ উৎস হৈছে তৈলপাম। ঐতিহ্যমণ্ডিত এছএনডিটি মহিলা বিশ্ববিদ্যালয়ৰ গাৰ্হস্থ্য বিজ্ঞান আৰু খাদ্য বিজ্ঞান তথা পুষ্টি বিভাগৰ স্নাতকোত্তৰ অধ্যয়ন আৰু গৱেষণা বিভাগত অতিথি অধ্যাপক ৰূপে বৰ্তমানে কৰ্মৰত ড০ মীনা মেহতাই তৈলপামত পোৱা ট’ক’ট্ৰায়েনল আৰু এণ্টিঅক্সিডেণ্টৰ উল্লেখযোগ্য স্বাস্থ্য উপকাৰিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এই প্ৰাকৃতিক গুণাগুণসমূহে অক্সিডেটিভ চাপৰ বিৰুদ্ধে যুঁজি মানুহৰ উপকাৰ সাধন কৰাৰ লগতে বহনক্ষম তৈলপামৰ পুষ্টিৰ দক্ষতাৰ ওপৰতো বিশেষভাৱে আলোকপাত কৰিছে। সজাগতা আৰু দায়িত্বশীল উপভোগক প্ৰসাৰিত কৰি মানুহক ব্যক্তিগত স্বাস্থ্যক অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ সক্ষম কৰি তোলা হৈছে। Share this:FacebookX Related Post navigation এছএআইচি মটৰ আৰু জেএছডব্লিউ গ্ৰুপে তেওঁলোকৰ নতুন কৌশলগত যুটীয়া উদ্যোগৰ বাবে ব্যৱসায়িক ৰোডমেপ ঘোষণা কৰিছে টাটা মটৰ্ছে দিল্লীৰ সমীপত মুকলি কৰিলে এটা অত্যাধুনিক পঞ্জীয়নভুক্ত বাহন স্ক্ৰেপিং কেন্দ্ৰ