ভাৰতৰ সৰ্ববৃহৎ পিয়ৰ-প্লে ক্ৰেডিট কাৰ্ড ইছ্যুকাৰী এছবিআই কাৰ্ড আৰু ভাৰতৰ ঘৰুৱা ই-কমাৰ্চ বজাৰ ফ্লিপকাৰ্টে মঙলবাৰে যুটীয়াভাৱে ‘ফ্লিপকাৰ্ট এছবিআই ক্ৰেডিট কাৰ্ড’ মুকলি কৰাৰ কথা ঘোষণা কৰিছে, ইয়াৰ জৰিয়তে ফ্লিপকাৰ্ট, মিণ্ট্ৰা, শ্বপচি আৰু ক্লিয়াৰট্ৰিপ প্লেটফৰ্মত গ্ৰাহকসকলৰ বাবে ব্যয়সাধ্যতা আৰু পুৰস্কাৰ বৃদ্ধিৰ লক্ষ্য ৰখা হৈছে। এই একক কো-ব্ৰেণ্ডেড ক্ৰেডিট কাৰ্ডখন ভাৰতীয় ষ্টেট বেংকৰ অধ্যক্ষ চাল্লা শ্ৰীনিবাসুলু চেট্টি আৰু এছবিআইৰ পৰিচালন সঞ্চালক অশ্বিনী কুমাৰ তিৱাৰীৰ উপস্থিতিত মুকলি কৰা হয়। এতিয়া গ্ৰাহকসকলে মিণ্ট্ৰাত কৰা ব্যয়ত ৭.৫% আৰু ফ্লিপকাৰ্ট, শ্বপচি আৰু ক্লিয়াৰট্ৰিপত কৰা খৰচত ৫% কেশ্ববেক লাভ কৰিব পাৰিব।  তদুপৰি, গ্ৰাহকে জমেট’, উবেৰ, নেটমেডছ আৰু পিভিআৰৰ দৰে নিৰ্বাচিত ব্ৰেণ্ডত ৪% কেশ্ববেক আৰু আন সকলো যোগ্য ব্যয়ত ১% আনলিমিটেড কেশ্ববেক অৰ্জন কৰিব পাৰিব।

গুৱাহাটী মহানগৰীত কাৰ্ডখনে বিশেষকৈ ফেশ্বন, ইলেক্ট্ৰনিকছ আৰু ভ্ৰমণ খণ্ডত যুৱ ক্ৰেতাসকলৰ অধিক জনপ্ৰিয়তা অৰ্জন কৰিব বুলি আশা কৰা হৈছে।  অসমৰ নগৰীয়া বজাৰত ই-কমাৰ্চৰ ব্যৱহাৰ-প্ৰয়োগ ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ লগে লগে, নতুন অফাৰে অনলাইন শ্বপিঙত গ্ৰাহকৰ আস্থা বৃদ্ধি কৰাৰ লগতে ডিজিটেল পেমেণ্টৰ অধিক ব্যৱহাৰক উৎসাহিত কৰিব পাৰে। এছবিআই কাৰ্ডৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া ছালিলা পাণ্ডেই এই বিষয়ে সদৰি কৰি কয় যে, “এছবিআই কাৰ্ডত আমি আমাৰ গ্ৰাহকসকলৰ বিকাশশীল প্ৰয়োজনীয়তা আৰু আকাংক্ষাৰ সৈতে সংগতি ৰাখি শ্ৰেষ্ঠ মানদণ্ডৰ সামগ্ৰী প্ৰদান কৰাৰ দিশত নিৰন্তৰ চেষ্টা কৰি আহিছোঁ।” ফ্লিপকাৰ্ট গ্ৰুপৰ মুখ্য কাৰ্যবাহী বিষয়া কল্যাণ কৃষ্ণমূৰ্তিয়ে নিজৰ অভিমত ব্যক্ত কৰি কয় যে, “ফ্লিপকাৰ্টত আমি সদায় আমি কৰা সকলো কামৰ মূলতে গ্ৰাহকসকলক ৰাখি আহিছোঁ।”

ফ্লিপকাৰ্ট এছবিআই কাৰ্ডৰ যোগদান আৰু বাৰ্ষিক নৱীকৰণ মাচুল হৈছে ৫০০ টকা আৰু লগতে প্ৰযোজ্য কৰ। সফল আবেদনৰ পিছত কাৰ্ডধাৰীয়ে ১,২৫০ টকা মূল্যৰ ৱেলকাম বেনিফিট লাভ কৰিব পাৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *