ফিফাৰ সভাপতি জিয়ানি ইনফেন্টিনোই জনাইছে যে ২০৩০ চনৰ বিশ্বকাপ ফুটবলত দলৰ সংখ্যা আৰু ১৬ টা বৃদ্ধি কৰি মুঠ ৬৪ টা কৰাৰ প্ৰস্তাৱ ফিফাৰ বিষয়ববীয়াসকলে বিবেচনা কৰি চাব। চলিত ২০২৬ৰ বিশ্বকাপত দলৰ সংখ্যা ৩২ টাৰ পৰা ৪৮ টালৈ বৃদ্ধি কৰা হৈছিল। ইনফেন্টিনোৰ মতে, এই ৪৮ টা দলৰ ফৰ্মেট অতি সফল হৈছে আৰু ইয়াৰ ফলত আফ্ৰিকা তথা অন্যান্য মহাদেশৰ সৰু সৰু দেশবোৰেও বিশ্বমঞ্চত নিজৰ প্ৰতিভা দেখুৱাবলৈ সুযোগ পাইছে। ছুইজাৰলেণ্ডৰ সংবাদ মাধ্যম ‘ব্লুউইন’কদিয়া এক সাক্ষাৎকাৰত ফিফাৰ সভাপতিগৰাকীয়ে কয়-কেৱল ইউৰোপ বা দক্ষিণ আমেৰিকাই নহয়, সমগ্ৰ বিশ্বৰ বাবেই বিশ্বকাপ আয়োজন কৰাটো গুৰুত্বপূৰ্ণ। প্ৰতিখন দেশৰে বিশ্বকাপত খেলাৰ সপোন থকা উচিত। যদি আমি সৰু দেশবোৰক সুযোগ নিদওঁ, তেন্তে তেওঁলোকে নিজৰ খেলৰ উন্নতি কৰিবলৈ প্ৰেৰণা হেৰুৱাই পেলাব। ২০৩০ চনৰ বিশ্বকাপখন মৰক্কো, পৰ্তুগাল আৰু স্পেইনৰ লগতে উৰুগুৱে, আৰ্জেন্টিনা আৰু পেৰাগুৱেত অনুষ্ঠিত হ’ব। যদি দলৰ সংখ্যা ৬৪ টালৈ বৃদ্ধি কৰা হয়, তেন্তে দক্ষিণ আমেৰিকাৰ দেশকেইখনে কেৱল এখন মেচৰ সলনি গোটেই এটা গ্ৰুপৰে খেল আয়োজন কৰাৰ সুযোগ পাব পাৰে। এই সন্দৰ্ভত চলিত বিশ্বকাপৰ সমাপ্তিৰ পিছত ফিফাৰ কমিটিসমূহত আলোচনা কৰা হ’ব। Share this:FacebookX Related Post navigation বিশ্বকাপত গ’ল কৰিব নোৱাৰিলেও চিন্তিত নহয় লামিন ইয়ামাল বিক্ৰী হ’ব বিশ্বকাপ ফাইনেল খেলপথাৰৰ ঘাঁহ