কাইলৈ অনুষ্ঠিত হ’ব নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন। সমষ্টিটোত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত কৰাৰ বাবে নগাঁও আৰু মৰিগাঁও জিলা প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। নগাঁও জিলাৰ ৮ টা আৰু মৰিগাঁও জিলাৰ ৫ টা— মুঠ ১৩ টা বিধানসভা সমষ্টিৰে গঠিত এই বিশাল লোকসভা সমষ্টিটোত উপ-নিৰ্বাচনৰ তথ্য অনুসৰি মুঠ ভোটাৰৰ সংখ্যা ১৯,০২,০০৯ গৰাকী। ইয়াৰে ৯,৫৮,৫৯৫ গৰাকী পুৰুষ ভোটাৰ আৰু ৯,৪৩,৩৬৪ গৰাকী মহিলা ভোটাৰ। জনসংখ্যাৰ গাঁথনি অনুসৰি সমষ্টিটোত ৩৯.৬৫ শতাংশ (৮,৮৭,৩১৪ গৰাকী) হিন্দু ভোটাৰ থকাৰ বিপৰীতে ১১,১৪,৬৯৫ গৰাকী অৰ্থাৎ ৬০.৩৫ শতাংশ সংখ্যালঘু মুছলমান ভোটাৰ আছে।আনহাতে, সমষ্টিটোত মূল যুঁজখন ত্ৰিকোণীয় ৰূপত বিজেপিৰ দেৱাশীষ শৰ্মা, এআইইউডিএফৰ বদৰুদ্দিন আজমল আৰু কংগ্ৰেছৰ শিৱামণি বৰাৰ মাজত হ’ব বুলি ধাৰণা কৰা হৈছে। Share this:FacebookX Related Post navigation উচ্চতম ন্যায়ালয়ত আজিও সকাহ নাপালে শ্যামকানু মহন্তই দুই স্বৰ্ণজয়ীলৈ মিজোৰাম চৰকাৰৰ উপহাৰ