আগন্তুক নিৰ্বাচনৰ বাবে দিছপুৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ হৈ দেওবাৰে এক ব্যাপক প্ৰচাৰ চলায় দলটোৰ কেইবাজনো শীৰ্ষ নেতাই। কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ, চত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ ৱাঘেল আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে এই নিৰ্বাচনী প্ৰচাৰত অংশ লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰে। বিশেষকৈ লখিমপুৰৰ বিশাল সভাৰ পৰা পোনে পোনে দিছপুৰত উপস্থিত হোৱা গৌৰৱ গগৈয়ে বিজেপিৰ ভয়-ভাবুকিৰ ৰাজনীতিক তীব্ৰ সমালোচনা কৰি পৰিৱৰ্তনৰ আহ্বান জনায়। সভাত ভাষণ প্ৰদান কৰি কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে কয়, “কংগ্ৰেছ দলে সকলো শ্ৰেণীৰ লোকক সমানভাৱে আগুৱাই লৈ যোৱাৰ বাবে কাম কৰে। বিপৰীতে বিজেপি দলে মানুহৰ মাজত বিভাজনৰ সৃষ্টি কৰি সাম্প্ৰদায়িক ৰাজনীতিৰে পৰিৱেশ কলুষিত কৰি তোলে।” যোৱা ১০ বছৰত বিজেপি চৰকাৰে নিৰ্বাচনৰ সময়ত দিয়া এটাও প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা নাই বুলি তেওঁ কটাক্ষ কৰে। বিশেষকৈ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত ডাবল ইঞ্জিন চৰকাৰ ব্যৰ্থ হোৱা বুলি তেওঁ অভিযোগ উত্থাপন কৰে। দিছপুৰৰ বিজেপি প্ৰাৰ্থীগৰাকীৰ অতীত সোঁৱৰাই দি শিৱকুমাৰে লগতে কয়, “বিজেপিয়ে যিগৰাকী প্ৰাৰ্থীক অৱতীৰ্ণ কৰাইছে, সেইগৰাকীয়েই কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগনামা প্ৰস্তুত কৰিছিল। মই আজি প্ৰত্যাহ্বান জনাইছোঁ যে তেওঁ সেই অভিযোগসমূহক লৈ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি দেখুৱাওক।” কৰ্ণাটকত দিয়া পাঁচটা গেৰাণ্টী কংগ্ৰেছ চৰকাৰে পূৰণ কৰাৰ দৰে অসমতো সকলো প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰা হ’ব বুলি তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে। চৰকাৰী আঁচনিৰ নামত চলি থকা ৰাজনীতিক তুলাধুনা দি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয়, “আঁচনিৰ ধন বিজেপি বা হিমন্ত বিশ্বৰ নিজা ধন নহয়, এয়া জনতাৰ কৰ-কাটলৰ ধন। মহিলাসকলক বিজেপিৰ সভালৈ নগ’লে আঁচনি কাটি দিয়াৰ যি ভয়-ভাবুকি দিয়া হৈছে, সেয়া চৰম দুৰ্ভাগ্যজনক।” কংগ্ৰেছ শাসনলৈ আহিলে আঁচনিৰ ধনৰ পৰিমাণ বৃদ্ধি কৰাৰ লগতে মহিলাসকলক স্বাৱলম্বী কৰিবলৈ ৫০ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব বুলি তেওঁ ঘোষণা কৰে। মুখ্যমন্ত্ৰীক ক্ষুৰধাৰ আক্ৰমণ কৰি গগৈয়ে পুনৰ কয়, “হিমন্ত বিশ্ব শৰ্মাৰ দৰে সুবিধাবাদী মানুহ মই দেখা নাই। যি গৰাকী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ভৰি চুই তেওঁ বিজেপিত যোগদান কৰিছিল, আজি তেওঁকেই বুঢ়া আঙুলি দেখুৱাই দিলে।” এইবাৰৰ নিৰ্বাচন বিজেপিৰ লগত নহয়, বৰঞ্চ প্ৰকৃত কংগ্ৰেছ আৰু বিজেপিৰ আশ্ৰয়ত থকা ‘ভেজাল’ কংগ্ৰেছীসকলৰ মাজতহে হ’ব বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। আগন্তুক ৯ এপ্ৰিলত অসমবাসীক এই ‘লেতেৰা ৰাজনীতি’ৰ পৰা মুক্ত হ’বলৈ তেওঁ আহ্বান জনায়। Share this:FacebookX Related Post navigation সাধাৰণ পৰিয়ালৰ পৰা ৰাজনীতিৰ মঞ্চলৈ; পুত্ৰৰ টিকট পোৱাৰ মুহূৰ্তত আৱেগিক পিতা-পুত্ৰ খিলঞ্জীয়াৰ সুৰক্ষা আৰু ৫ লাখ কোটিৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি; অসমত বিজেপিৰ নিৰ্বাচনী ‘সংকল্প পত্ৰ’ উন্মোচন নিৰ্মলা সীতাৰমণৰ