পাকিস্তানত বহি ভাৰতবিৰোধী সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই থকা ২৩ জনক সন্ত্ৰাসবাদী ঘোষণা কৰিলে কেন্দ্ৰই। অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত এই ব্যৱস্থা গ্ৰহণ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে শনিবাৰে প্ৰকাশ কৰা তালিকা অনুসৰি, ঘোষিত ২৩ জনৰ ভিতৰত ১৭ জন পাকিস্তানৰ নাগৰিক আৰু ছয়জন ভাৰতীয়। যদিও এই ছয়জন ভাৰতীয় নাগৰিক, বৰ্তমান তেওঁলোকেও পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰত অৱস্থান কৰি সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই আছিল।

গৃহ মন্ত্ৰালয়ে উল্লেখ কৰা মতে, এইসকল ব্যক্তিৰ সৈতে পাকিস্তানভিত্তিক সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদ, লস্কৰ-ই-তৈবা, জামাত-উদ-দাৱা আৰু দ্য ৰেজিষ্টেন্স ফ্ৰণ্টৰ সম্পৰ্ক আছে। তালিকাত থকা মহম্মদ শ্বহীদ ফৈচলৰ আল-কায়দা আৰু ইছলামিক ষ্টেট গোটৰ সৈতেও সম্পৰ্ক থকাৰ কথা উল্লেখ কৰিছে মন্ত্ৰালয়ে।

মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰাৰ উদ্দেশ্যে সদস্য নিয়োগ, প্ৰশিক্ষণ, সীমান্ত অনুপ্ৰৱেশ, অস্ত্ৰ আৰু বিস্ফোৰক যোগান, ড্ৰ’নৰ জৰিয়তে অস্ত্ৰ সৰবৰাহ, আৰ্থিক সহায় আগবঢ়োৱা আৰু আক্ৰমণৰ পৰিকল্পনা কৰাৰ দৰে কাৰ্যকলাপত এইসকল জড়িত আছিল।

ঘোষিত সন্ত্ৰাসবাদীসকলৰ কেইবাজনো জম্মু-কাশ্মীৰত সংঘটিত একাধিক সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত বুলিও গৃহ মন্ত্ৰালয়ে উল্লেখ কৰে। ইয়াৰ ভিতৰত ২০২২ চনত জম্মুৰ সুঞ্জৱানত নিৰাপত্তা বাহিনীৰ ওপৰত হোৱা আক্ৰমণ আৰু ২০১৬ চনত নগৰোটাত ভাৰতীয় সেনাৰ শিবিৰত চলোৱা আক্ৰমণো অন্তৰ্ভুক্ত।

অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ ৩৫ নং ধাৰাই কেন্দ্ৰীয় চৰকাৰক কোনো ব্যক্তিক সন্ত্ৰাসবাদী ঘোষণা কৰাৰ ক্ষমতা প্ৰদান কৰে। ২০১৯ চনত আইনখন সংশোধন কৰাৰ পিছৰে পৰা কেৱল সংগঠন নহয়, ব্যক্তিকো পোনপটীয়াকৈ সন্ত্ৰাসবাদী ঘোষণা কৰাৰ ব্যৱস্থা কাৰ্যকৰী হৈছে।

এই আইনৰ অধীনত কোনো ব্যক্তিক সন্ত্ৰাসবাদী ঘোষণা কৰাৰ পিছত তেওঁৰ বেংক একাউণ্ট স্থগিত কৰা, সম্পত্তি জব্দ কৰা, অস্ত্ৰ-শস্ত্ৰৰ লেনদেনত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে তদন্তকাৰী সংস্থাসমূহে অধিক বিস্তৃত আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

By Tarali

Leave a Reply

Your email address will not be published. Required fields are marked *