চেণ্ট্ৰেল এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি (ইম্ফল)ৰ অধীনস্থ পাছিঘাট কৃষি মহাবিদ্যালয়ৰ 5G প্ৰশিক্ষণ আৰু উদ্ভাৱন প্ৰয়োগশালাত শনিবাৰে “কৃষি ৪.০ প্ৰযুক্তি: ভৱিষ্যতৰ খেতিৰ বাবে পৰৱৰ্তী প্ৰজন্মৰ কৃষি দক্ষতা গঢ়ি তোলা” বিষয়ক দক্ষতা উন্নয়ন প্ৰশিক্ষণ কাৰ্যসূচীৰ তৃতীয় বেচখন সামৰণি পৰে। অৰুণাচল প্ৰদেশত বহনক্ষম খেতি আৰু কৃষক কল্যাণৰ বাবে কৃষি ৪.০ প্ৰযুক্তিৰ পাইলট প্ৰদৰ্শনৰ জৰিয়তে যুৱক-যুৱতী আৰু মহিলাক সবলীকৰণ” শীৰ্ষক নাবাৰ্ড-অৰ্থায়নযুক্ত প্ৰকল্পৰ অধীনত এই সাতদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হয়। পূৱ ছিয়াং, নিম্ন ছিয়াং আৰু পশ্চিম ছিয়াং জিলাৰ 13 জন ল’ৰা আৰু 7 গৰাকী ছোৱালীকে ধৰি মুঠ 20 জন অংশগ্ৰহণকাৰীয়ে কৃত্ৰিম বুদ্ধিমত্তা, 5G যোগাযোগ, ইণ্টাৰনেট অফ থিংছ (IoT), হাইড্ৰ’পনিক্স, মাইক্ৰ’গ্ৰীণছ, কৃষি ড্ৰ’ন, 3D প্ৰিন্টিং, নিখুঁত খেতি আৰু এগ্ৰি-টেক উদ্যোগিতাৰ দৰে উদীয়মান কৃষি প্ৰযুক্তিৰ ওপৰত নিবিড় হাতেকামে প্ৰশিক্ষণ লাভ কৰে। কাৰ্যসূচীৰ উদ্বোধনী অধিৱেশনত পাছিঘাট কৃষি মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত ডীন অধ্যাপক আৰ. চি. শাক্যবাৰ উপস্থিত থাকে। সামৰণি অনুষ্ঠানত পাছিঘাট উদ্যান আৰু বন বিজ্ঞান মহাবিদ্যালয়ৰ ডীন অধ্যাপক এল. ৱাংচু মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই উপলক্ষে ভাষণ দি ৱাংচুৱে গ্ৰাম্য যুৱক-যুৱতীসকলক অত্যাধুনিক কৃষি দক্ষতাৰে সজ্জিত কৰাৰ এই পদক্ষেপৰ প্ৰশংসা কৰে। এই কাৰ্যসূচীত NIELIT, Amantya Technologies, পঞ্জাব বিশ্ববিদ্যালয়, Innovative Unmanned Systems, WOL3D আৰু কৃষি মহাবিদ্যালয়ৰ অধ্যাপকসকলে বিশেষজ্ঞ বক্তৃতা আগবঢ়ায়। অংশগ্ৰহণকাৰীসকলে IoT চেন্সৰ সংযোগ, ড্ৰ’ন সংযোজন আৰু উৰুৱা, কৃষি মেপিং, আৰু 3D প্ৰিন্টিঙৰ ওপৰত ব্যৱহাৰিক অধিৱেশনতো অংশগ্ৰহণ কৰে। কৃষি ৪.০ প্ৰকল্পৰ সহকাৰী অধ্যাপক আৰু মুখ্য অনুসন্ধানকাৰী ড° প্ৰেমাৰাধ্য এন-এ কৃষি মহাবিদ্যালয়ৰ ডীন অধ্যাপক সঞ্জয় স্বামীৰ তত্বাৱধানত এই প্ৰশিক্ষণৰ সমন্বয় সাধন কৰে। আয়োজকসকলে এই পদক্ষেপক সমৰ্থন আগবঢ়োৱাৰ বাবে নাবাৰ্ডক ধন্যবাদ জ্ঞাপন কৰে আৰু ঘোষণা কৰে যে কৃষি ৪.০ দক্ষতা উন্নয়ন প্ৰশিক্ষণ কাৰ্যসূচীৰ চতুৰ্থ বেচখন ২০২৬ চনৰ ১৩ জুলাইৰ পৰা ২০ জুলাইলৈ অনুষ্ঠিত হ’ব। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী, গ্ৰাম্য যুৱক-যুৱতী আৰু কৃষি পেছাদাৰীসকলে স্মাৰ্ট কৃষিৰ ক্ষেত্ৰত ভৱিষ্যতৰ বাবে প্ৰস্তুত দক্ষতা অৰ্জনৰ আন এটা সুযোগ লাভ কৰিব। অৰুণাচল প্ৰদেশত ডিজিটেল কৃষিক শক্তিশালী কৰা, উদ্ভাৱনক প্ৰসাৰিত কৰা আৰু বহনক্ষম খেতিৰ বাবে দক্ষ এগ্ৰি-টেক পেছাদাৰী সৃষ্টি কৰাই এই পদক্ষেপৰ লক্ষ্য। Share this:FacebookX Related Post navigation ইউএপিএৰ অধীনত ২৩ জনক সন্ত্ৰাসবাদী ঘোষণা কেন্দ্ৰৰ; তালিকাত পাকিস্তানভিত্তিক একাধিক কুখ্যাত সন্ত্ৰাসবাদী