Category: Assam

বিশ্বকাপত ইতিহাস; ভাৰতীয় মূলৰ প্ৰথম ফুটবলাৰ হিচাপে অভিষেক নিশান ভেলুপিল্লাইৰ

বিশ্ব ফুটবলৰ সৰ্ববৃহৎ মঞ্চত এইবাৰ উজ্জ্বল হৈ উঠিল ভাৰতীয় মূলৰ এজন ফুটবলাৰৰ নাম। অষ্ট্ৰেলিয়াৰ হৈ ফিফা বিশ্বকাপত খেলি ইতিহাস ৰচনা কৰে নিশান ভেলুপিল্লায়ে। ভাৰতীয় বংশোদ্ভূত প্ৰথম ফুটবলাৰ হিচাপে বিশ্বকাপত অংশগ্ৰহণ…

কলেজীয়া দিনৰ সপোনে পালে পূৰ্ণতা; বায়ুসেনাত নিযুক্ত স্বামী, নৌসেনাৰ বিষয়া পত্নী

কলেজীয়া দিনতে এহাল যুৱক-যুৱতীয়ে একেলগে দেখা দেশসেৱাৰ সপোনে অৱশেষত লাভ কৰিলে বাস্তৱ ৰূপ। বহু বছৰৰ প্ৰস্তুতি আৰু অধ্যৱসায়ৰ অন্তত ভাৰতীয় সেনাবাহিনী আৰু নৌবাহিনীৰ বিষয়া হিচাপে দায়িত্ব গ্ৰহণ কৰে ৰবিন সিং…

শান্তিপূৰ্ণ প্ৰতিবাদৰ সময়তে আক্ৰমণৰ বলি অভিজিত দীপকে! অভিযুক্তই ক’লে- ‘মই ৰাষ্ট্ৰবাদী…’

নীট কেলেংকাৰি আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ককৰোচ জনতা পাৰ্টিয়ে দেশজুৰি চলাই থকা আন্দোলনক লৈ অব্যাহত আছে চৰ্চা। সামাজিক মাধ্যমত ব্যাপক সঁহাৰি লাভ কৰা এই আন্দোলনক কেন্দ্ৰ কৰি শেহতীয়াকৈ জয়পুৰতো…

দেশজুৰি সাময়িকভাৱে নিষিদ্ধ টেলিগ্ৰাম; নীট পুনৰীক্ষাৰ পূৰ্বে জাৰি কেন্দ্ৰৰ নিৰ্দেশনা

পৰীক্ষাক কেন্দ্ৰ কৰি ভুৱা প্ৰশ্নকাকত, বিভ্ৰান্তিকৰ তথ্য আৰু প্ৰশ্ন ফাদিলৰ গুজৱ প্ৰচাৰে উদ্বেগ বৃদ্ধি কৰাৰ মাজতে এইবাৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ২১ জুনত অনুষ্ঠিত হ’বলগীয়া নীট-ইউজি ২০২৬ৰ পুনঃপৰীক্ষাৰ…

পিতৃৰ অপূৰণীয় সপোন পূৰণ কন্যাৰ; তিনিওটা সেনাবাহিনীৰ মেধাতালিকাত উজ্বলিল নিধি আগৰৱাল

বহু বছৰৰ আগতে সেনাবাহিনীৰ পোছাক পৰিধান কৰাৰ সপোন দেখিছিল এজন ছাত্ৰই। পৰিস্থিতিৰ বাবে সেই সপোন পূৰণ নহ’লেও শেষত কন্যাৰ সফলতাৰ মাজেৰে বাস্তৱ ৰূপ লাভ কৰিলে সেই আশাই। ভাৰতীয় বায়ুসেনাৰ ফ্লায়িং…

গণধৰ্ষণ আৰু এছিড আক্ৰমণৰ গোচৰ; দোষী সাব্যস্ত বিএছএফৰ দুই জোৱান

প্ৰায় ন বছৰৰ পুৰণি এক গণধৰ্ষণ আৰু এছিড আক্ৰমণৰ চাঞ্চল্যকৰ গোচৰত দোষী সাব্যস্ত হ’ল বিএছএফৰ দুই জোৱান। ২০১৭ চনত সংঘটিত মিজোৰামত সংঘটিত এই ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰি শুকুৰবাৰে ৰায়দান…

‘বিশ্বই অসমৰ স্থাপত্যক লক্ষ্য কৰিছে’: প্ৰিক্স ভাৰ্ছেইলছ তালিকাত গুৱাহাটী বিমানবন্দৰ

গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনটো প্ৰিক্স ভাৰ্ছেইলছৰ ২০২৬ চনৰ বিশ্বৰ আটাইতকৈ ধুনীয়া বিমানবন্দৰৰ তালিকাত স্থান লাভ কৰিছে বুলি সোমবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে।…

দৰিদ্ৰতাৰ প্ৰত্যাহ্বান নেওচি কৃতিত্ব চান্দনীৰ; ইলেক্ট্ৰিক স্কুটী চলাই শুভেচ্ছা জনাবলৈ আহিল খোদ মুখ্যমন্ত্ৰী

সফলতাৰ কাহিনী কেতিয়াবা এনে হয়, যি কেৱল ফলাফলৰ মাজতে সীমাবদ্ধ নাথাকে। প্ৰতিকূল পৰিস্থিতিক নেওচি ৰাজ্যৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষ স্থান দখল কৰা চান্দনী বিশ্বকৰ্মাৰ সাফল্যক এইবাৰ বিশেষভাৱে স্বীকৃতি জনালে মধ্য…

অইলৰ ঠিকা প্ৰতিষ্ঠানৰ বিষয়াক অপহৰণ-ধন দাবীৰ অভিযোগ; একাধিক সংগঠনৰ ৪ নেতাক গ্ৰেপ্তাৰ

অইলৰ ঠিকা প্ৰতিষ্ঠানৰ বিষয়াক অপহৰণ কৰি প্ৰহাৰ চলোৱাৰ লগতে ধন দাবী কৰাৰ অভিযোগক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ডুলীয়াজানত। এই ঘটনাৰ তদন্তত নামি বিভিন্ন সংগঠনৰ ৪ জন নেতা-কৰ্মীক গ্ৰেপ্তাৰ কৰে…

বীজ আৰু সাৰ যোগানত পলমৰ বাবে যোগানকাৰীৰ বিৰুদ্ধে ব্যৱস্থা: অসমৰ কৃষি মন্ত্ৰী

অসমৰ কৃষি মন্ত্ৰী পীযুষ হাজৰিকাই যোগানকাৰীসকলক সকীয়াই দি কয় যে কৃষকক বীজ আৰু সাৰ যোগানত যিকোনো পলম বা অদক্ষতা সহ্য কৰা নহ’ব। তেওঁ কৃষি বিভাগৰ বিষয়াসকলক নিম্নমানৰ সামগ্ৰী যোগান ধৰা…