কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী হিচাপে প্ৰথম বাৰৰ বাবে ভ্ৰমণ কৰি বুধবাৰে কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই তাৰালাংছোত এক বিস্তৃত পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে।

এই বৈঠকত কা এ এ চিৰ মুখ্য কাৰ্যবাহী সদস্য তুলীৰাম ৰংহাং, স্থানীয় বিধায়ক আৰু কাৰ্যবাহী সদস্যসকল উপস্থিত থাকি কৃষি আন্তঃগাঁথনি পুঁজি আঁচনি আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিভাগীয় আঁচনিৰ কাৰ্যকৰণৰ মূল্যায়ন কৰে।

এ আই এফ আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ স্থানীয় কৃষি উদ্যোগীসকলক আহ্বান জনাই মন্ত্ৰী হাজৰিকাই কয় যে এই আঁচনিৰ জৰিয়তে ৩ শতাংশ সুতৰ ৰেহাইৰ সৈতে ২ কোটি টকালৈকে ঋণ লাভ কৰিব পাৰি। লগতে তেওঁ ৰাজ্য চৰকাৰৰ কেইবাটাও ডাঙৰ আঁচনিৰ বিষয়ে উল্লেখ কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্য আঁচনি অনুসৰি, এই বছৰ ১০০০ গৰাকী প্ৰগতিশীল কৃষকক প্ৰত্যেককে ১ লাখ টকাৰে মুখ্যমন্ত্ৰী কৃষি উৎকৰ্ষ বঁটা প্ৰদান কৰা হ’ব। পাঁচ বছৰত ১০,০০০ কৃষকক এই বঁটা দিয়াৰ লক্ষ্য আছে।

পি এম-কিষাণ আঁচনিৰ আওতাত বৰ্তমান ১৮.৬ লাখ হিতাধিকাৰী আছে। ইয়াৰ ভিতৰত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলংত ৩৫,০০০ হিতাধিকাৰী আছে। আওতা বৃদ্ধিৰ বাবে ৰাজ্যত প্ৰতিদিনে প্ৰায় ৬০ কৃষকৰ পঞ্জীয়ন কৰা হৈছে। ২৪ আগষ্টত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া উচ্চ পৰ্যায়ৰ বৈঠকৰ আগতে ভূমিৰ মালিকীস্বত্বৰ সমস্যা সমাধান কৰিবলৈ স্থানীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে।

লগতে মন্ত্ৰীগৰাকীয়ে তেল-পাম খেতি, আনাৰছ প্ৰ’চেছিংৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিভাগে প্ৰতি বছৰে ৫ কোটি আৰু ৫ বছৰত ২৫ কোটি পুলি বিতৰণৰ লক্ষ্য লৈছে। ইয়াৰ ভিতৰত তামোল, ক’ক’, নাৰিকল আৰু মখনাৰ বীজো আছে।

জলসিঞ্চন বিভাগৰ পৰ্যালোচনাত মন্ত্ৰীয়ে ৭টা সম্পূৰ্ণ কাৰ্যক্ষম আৰু ২৮১টা আংশিক কাৰ্যক্ষম আঁচনিৰ কথা উল্লেখ কৰে। এই আঁচনিসমূহে ১৯,০০ হেক্টৰ মাটি সামৰি লৈছে। লগতে ১১৯টা বন্ধ হৈ থকা আঁচনি পুনৰুজ্জীৱিত কৰাৰ সম্ভাৱনা বিচাৰ কৰি অভিযন্তাসকলক লিফ্ট ইৰিগেচন, নলা-নৰ্দমা আৰু পি এম-কুছুম ব্যৱহাৰ কৰি ৪ লাখ হেক্টৰ মাটিত জলসিঞ্চনৰ লক্ষ্য পূৰণ কৰিবলৈ নিৰ্দেশ দিয়ে।

পিছত ছেৰ্টালিন অডিট’ৰিয়ামত প্ৰগতিশীল কৃষক, উদ্যোগী আৰু লিড বেংকৰ বিষয়াসকলৰ সৈতে এ আই এফৰ ৰাজহুৱা সভাত ভাষণ দি মন্ত্ৰী হাজৰিকাই জিলা কৃষি বিষয়াক বৰ্তমানৰ ৮টা কৃষক উৎপাদক সংগঠনৰ সংখ্যা বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে এজন হিতাধিকাৰীক আনুষ্ঠানিকভাৱে এ আই এফ ঋণ অনুমোদনৰ চেক প্ৰদান কৰে।

By Tarali

Leave a Reply

Your email address will not be published. Required fields are marked *