ঘৰত চুৰি কৰিবলৈ গৈ ধৰা পৰি নিজৰে শিক্ষয়িত্ৰীক নৃশংসভাৱে ছুৰীৰে হানি হত্যা কৰিলে দুই ছাত্ৰই! তেলেংগানাৰ নালগোন্দা জিলাত সংঘটিত হৈছে এই গাৰ নোম শিয়ৰি উঠা চাঞ্চল্যকৰ ঘটনা। যোৱা ১১ আগষ্টত সংঘটিত ৰূপা ৰেড্ডী নামৰ এগৰাকী ব্যক্তিগত বিদ্যালয়ৰ অধ্যক্ষাৰ এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ তদন্ত চলাই অৱশেষত আৰক্ষীয়ে একেখন বিদ্যালয়ৰে দশম শ্ৰেণীৰ দুই ছাত্ৰক আটক কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে, নিজ বাসগৃহৰ ভিতৰতে উদ্ধাৰ হৈছিল অধ্যক্ষা ৰূপা ৰেড্ডীৰ ৰক্তাক্ত মৃতদেহ। আৰক্ষীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি, তেওঁৰ দেহত মুঠ ২৭ টাকৈ গভীৰ ছুৰীকাঘাতৰ স্পষ্ট চিন পোৱা গৈছিল। হত্যাকাণ্ডৰ কোনো প্ৰত্যক্ষদৰ্শী নথকাৰ বাবে প্ৰথম অৱস্থাত এয়া এক ডকাইতি বুলি অনুমান কৰা হয় যদিও অধ্যক্ষাৰ শেষৰটো ফোন কলেই তদন্তৰ দিশ সলনি কৰি দিয়ে। মৃত্যুৰ ঠিক পূৰ্বমুহূৰ্তত পেহীয়েকৰ সৈতে ফোনত কথা পাতি থকাৰ সময়তে ৰূপা ৰেড্ডীয়ে শেষবাৰৰ বাবে ‘বাবু’ বুলি সম্বোধন কৰা শব্দটো উচ্চাৰণ কৰিছিল আৰু তাৰ পিছতেই সংযোগ বিচ্ছিন্ন হৈ পৰিছিল। তেলেংগানাত সাধাৰণতে ছাত্ৰ-ছাত্ৰীক মৰমতে ‘বাবু’ বুলি মতাৰ পৰম্পৰাক সূত্ৰ হিচাপে লৈয়েই আৰক্ষীয়ে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ ওপৰত গোপন নজৰ ৰাখিবলৈ আৰম্ভ কৰে।

হত্যাকাণ্ডৰ পিছতেই উক্ত দুই ছাত্ৰই হঠাতে বিলাসী জীৱনযাপন আৰম্ভ কৰা, বন্ধুবৰ্গৰ সৈতে দামী পাৰ্টী কৰা আৰু বিপুল পৰিমাণৰ টকা উৰুৱাই থকাৰ তথ্য পোহৰলৈ অহাত তদন্তকাৰীৰ সন্দেহ গভীৰ হৈ পৰে। এই সন্দৰ্ভত নালগোন্দাৰ আৰক্ষী অধীক্ষক শৰৎ চন্দ্ৰ পাৱাৰে কয়, “হত্যাকাণ্ডৰ পিছত দুজন ছাত্ৰই বন্ধু-বান্ধৱৰ সৈতে মিলি অভাৱনীয়ভাৱে টকা খৰচ কৰা আৰু বিলাসী জীৱন উপভোগ কৰা আমি প্ৰত্যক্ষ কৰোঁ। এই অস্বাভাৱিক চাল-চলনৰ ওপৰত ভিত্তি কৰিয়েই বুধবাৰে পুৱা আমি দুয়োকে জিম্মাত লওঁ।”

অভিযুক্ত এজন ছাত্ৰৰ পৰা আৰক্ষীয়ে নগদ ১.৫১ লাখ টকা আৰু এটা আইফোন জব্দ কৰিছে। ছাত্ৰজনে এই ধন পিতৃ-মাতৃয়ে দিয়া বুলি ফাঁকি দিবলৈ চেষ্টা কৰিছিল যদিও ফৰেনছিক পৰীক্ষাত সেই নোটসমূহত মানুহৰ তেজৰ চেকা উদ্ধাৰ হয়। আৰক্ষীৰ ভাষ্য মতে, ধৃত দুই কিশোৰ সুৰাপানৰ আসক্তিত পৰিছিল আৰু তেওঁলোকৰ এজনে বিলাসী বাহন চলোৱাৰ লগতে কম সময়তে ধনী হোৱাৰ সপোন দেখিছিল।

ঘটনাৰ প্ৰায় ১৫ দিন পূৰ্বে বিদ্যালয় চৌহদত মোবাইল আৰু নগদ ধন লগত ৰখাৰ বাবে অধ্যক্ষা ৰূপা ৰেড্ডীয়ে এজন ছাত্ৰক ধমক দি হোষ্টেলৰ পৰা বাহিৰ কৰি দিছিল। ইয়াৰ প্ৰতিশোধ লোৱাৰ লক্ষ্যৰে আৰু বিদ্যালয়ৰ মাছুল সংগ্ৰহৰ দিনা অধ্যক্ষাৰ ঘৰত বিপুল ধন জমা থকাৰ কথা জানি দুয়ো চুৰিৰ মাষ্টাৰপ্লেন তৈয়াৰ কৰে। প্ৰায় পাঁচ দিন পূৰ্বেই তেওঁলোকে হাতমোজা আৰু ছুৰী সংগ্ৰহ কৰি এলেকাটোৰ চিচিটিভি কেমেৰাৰ অৱস্থান পৰীক্ষা কৰে।

পূৰ্ব পৰিকল্পনা অনুসৰি নিৰ্ধাৰিত দিনটোত এজন ছাত্ৰই দেৱাল বগাই ঘৰত প্ৰৱেশ কৰে আৰু আনজনে বাহিৰত পহৰা দিয়ে। ঘৰৰ ভিতৰত ধন বিচাৰি থকা অৱস্থাতে ফোনত কথা পাতি থকা ৰূপা ৰেড্ডীয়ে ছাত্ৰজনক প্ৰত্যক্ষ কৰে আৰু ধৰা পেলায়। আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ ভয়ত কিশোৰজনে হাতত থকা ছুৰীৰে অধ্যক্ষাৰ ওপৰত উপৰ্যুপৰি ২৭ বাৰ আক্ৰমণ কৰে আৰু প্ৰায় ২.৫ লাখ নগদ ধন লৈ উধাও হয়। প্ৰমাণ নষ্ট কৰাৰ উদ্দেশ্যেৰে অপৰাধৰ সময়ত পৰিহিত কাপোৰ নলাত পেলাই দিয়া বুলিও আৰক্ষীয়ে সদৰী কৰিছে। ইতিমধ্যে দুয়োগৰাকী অভিযুক্ত কিশোৰক জুভেনাইল জাষ্টিচ ব’ৰ্ডত হাজিৰ কৰোৱাৰ লগতে কিশোৰ গৃহলৈ প্ৰেৰণৰ আইনী প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *