নতুনকৈ নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় ঘাইপথ আৰু এক্সপ্ৰেছৱে’সমূহ আনুষ্ঠানিক উদ্বোধনৰ পাছতেই খহি পৰা, গাঁতৰ সৃষ্টি হোৱা আৰু কৃত্ৰিম বানৰ সমস্যা সমাধানৰ উদ্দেশ্যে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ ওলাইছে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে। নিৰ্ধাৰিত সময়ৰ পূৰ্বেই পথৰ মান অৱনমিত হোৱাৰ দিশটো লক্ষ্য ৰাখি এতিয়াৰে পৰা যিকোনো নতুন ঘাইপথ আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পূৰ্বে ২ৰ পৰা ৩ মাহৰ বাবে ‘ৰোড টেষ্ট’ বা ট্ৰায়েল ৰাণ চলোৱাৰ এক সুদূৰপ্ৰসাৰী পৰিকল্পনা প্ৰস্তুত কৰিছে চৰকাৰে। এই পৰীক্ষামূলক সময়ছোৱাত পথচাৰী বা যান-বাহনৰ পৰা কোনো ধৰণৰ টোল সংগ্ৰহ কৰা নহয়।

শেহতীয়াকৈ লক্ষ্ণৌ-কানপুৰ আৰু ডেৰাডুন এক্সপ্ৰেছৱে’ৰ দৰে বৃহৎ প্ৰকল্পসমূহ মুকলি কৰাৰ পিছতেই বিভিন্ন আসোঁৱাহ প্ৰত্যক্ষ কৰা হৈছিল। সুৰক্ষিত যাতায়াত সুনিশ্চিত নকৰাকৈ জনসাধাৰণৰ পৰা টোল কৰ সংগ্ৰহ কৰাটো অনুচিত বুলি বিবেচনা কৰি ঠিকাদাৰ আৰু পৰামৰ্শদাতা সংস্থাসমূহৰ জবাবদিহিতা নিশ্চিত কৰিবলৈ এই ব্যৱস্থা হাতত লৈছে কেন্দ্ৰই। ট্ৰায়েল ৰাণৰ সময়ছোৱাত যদি পথৰ কোনো অংশ বহি যায়, পানী জমা হয় অথবা গাঁত ওলায়, তেন্তে ঠিকাদাৰে নিজৰ খৰচত সেই আসোঁৱাহসমূহ তৎকালীনভাৱে মেৰামতি কৰিব লাগিব।

পৰীক্ষণত সম্পূৰ্ণৰূপে সফল প্ৰমাণিত নোহোৱালৈকে কোনো নতুন ঘাইপথত টোল সংগ্ৰহ কৰা নহ’ব। বিশেষকৈ বাৰিষাৰ সময়ত পথৰ পানী নিষ্কাশন আৰু স্থায়িত্ব পৰীক্ষা কৰাৰ ক্ষেত্ৰত এই দীঘলীয়া ট্ৰায়েল ৰাণে বিশেষ সহায় কৰিব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। ইতিমধ্যে লক্ষ্ণৌ-কানপুৰ এক্সপ্ৰেছৱে’ত নিৰ্মাণৰ ক্ৰুটি আৰু পথ খহি পৰাৰ বাবে টোল সংগ্ৰহ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে, যিটো পথটো সম্পূৰ্ণভাৱে সুৰক্ষিত আৰু মেৰামতি নোহোৱালৈকে বাহাল থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *