একেখন বিবাহ মণ্ডপত একেলগে চাৰিযোৰ যমজৰ উপস্থিতিৰে সৃষ্টি হ’ল এক বিৰল আৰু আশ্চৰ্যকৰ দৃশ্য। দৰা-কইনাৰ পৰা ধৰি বিবাহৰ ধৰ্মীয় বিধি সম্পন্ন কৰা পাদ্ৰী আৰু সহযোগী সকলোৱেই যমজ হোৱা এই অভিনৱ বিবাহখন সম্পন্ন হ’ল দক্ষিণ ভাৰতৰ কেৰালাত। ৩২ বছৰীয়া অখিল থমাছ আৰু নিখিল থমাছ নামৰ দুই যমজ ভাতৃয়ে বিবাহপাশত আৱদ্ধ হয় ৩১ বছৰীয়া মেগী আৰু মাৰিয়া মেৰী নামৰ দুই যমজ ভগ্নীৰ সৈতে। আচৰিত যেন লাগিলেও অৱশ্যে এই সমগ্ৰ ব্যৱস্থা কোনো আকস্মিক ঘটনা নাছিল, বৰঞ্চ আছিল বছৰজোৰা পৰিকল্পনা আৰু গভীৰ সংকল্পৰ ফল। অখিল আৰু নিখিলে কেৱল যমজ যুৱতীৰ সৈতেই বিবাহপাশত আৱদ্ধ হোৱাৰ পণ লৈছিল। উপযুক্ত পাত্ৰীৰ সন্ধানত পৰিয়ালে কেৱল যমজ লোকসকলৰ বাবে কাম কৰা এটা বিশেষ মেট্ৰিম’নিয়েল সংস্থাৰ সহায় লৈ প্ৰায় তিনিটা বছৰত ৪০ যোৰ যমজ কন্যাৰ দুৱাৰদলিত উপস্থিত হৈছিল। ইফালে যমজ ভগ্নী মেগী আৰু মাৰিয়া মেৰীয়েও শৈশৱৰ পৰাই যমজ যুৱকক জীৱনসংগী হিচাপে বাচি লোৱাৰ সপোন পুহি ৰাখিছিল। অখিল-নিখিলৰ সৈতে সাক্ষাৎ হোৱাৰ পিছত দুয়োপক্ষৰ মনোভাৱ মিলি পৰে আৰু পৰিয়ালৰ সন্মতিত এই ‘এৰেঞ্জড মেৰিজ’খন নিশ্চিত হয়। ইয়াৰ পাছতে ধৰ্মীয় বিধি-বিধানো যমজ ব্যক্তিৰ দ্বাৰাই সম্পন্ন কৰোৱাৰ সিদ্ধান্ত লৈ যমজ পাদ্ৰী এন্থ’ আৰু আজ’ পেৰুমকাট্টিলৰ লগতে যমজ ‘অল্টাৰ বয়’ জেৰন আৰু জোহান জেমছক অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনোৱা হয়। ধৰ্মীয় বিধি সম্পন্ন কৰা পাদ্ৰী আজ’ই এই বিয়াক নিজৰ জীৱনৰ এক অবিস্মৰণীয় অভিজ্ঞতা বুলি অভিহিত কৰিছে। বৰ্তমান এই অভিনৱ বিবাহৰ আলোকচিত্ৰ আৰু ভিডিঅ’ই ইণ্টাৰনেট জগতত ব্যাপক আলোড়নৰ সৃষ্টি কৰিছে আৰু হাজাৰ হাজাৰ নেটিজেনে নৱদম্পতীক শুভেচ্ছাৰে ওপচাই তুলিছে। Share this:FacebookX Related Post navigation ৰাষ্ট্ৰীয় ঘাইপথ আৰু এক্সপ্ৰেছৱে’ মুকলিৰ পূৰ্বে বাধ্যতামূলক ট্ৰায়েল ৰাণঃ কেবিনেটৰ নতুন নীতি শিৱসাগৰত অবৈধ কয়লা খননৰ প্ৰমাণ দাখিলৰ প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ