Category: Assam

হস্ততাঁত মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ উপস্থিতিত উন্নতমানৰ উৰামাকোঁ তাঁতশাল বিতৰণ

অসম চৰকাৰৰ হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম শিল্প আদি বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি ঐতিহ্যমণ্ডিত বস্ত্ৰনগৰী শুৱালকুছিৰ বাথান ভাটিচুবা ৰাজহুৱা খেলপথাৰত আয়োজিত এক বিশেষ সমাৰোহত শিপিনীসকলৰ মাজত উন্নতমানৰ উৰামাকোঁ তাঁতশাল আৰু…

পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন

অসমৰ অন্যতম সমাজসেৱী অনুষ্ঠান “পথিক”ৰ উদ্যোগত ‘বৰবৰুৱা ক্লিনিক’ আৰু ‘চেন্টাৰ ফ’ৰ চাইট’ৰ সহযোগত আজি দিনজোৰাকৈ জালুকবাৰীৰ সমীপৰ পদুমবড়ী সামূহিক ভৱনত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু চকু পৰীক্ষা শিৱিৰ অনুষ্ঠিত…

ৰিং এৰি ৰাজপথত অলিম্পিয়ান লাভলীনা বৰগোঁহাই; মহিলাৰ নিৰাপত্তাৰ স্বাৰ্থত দিল্লী আৰক্ষীৰ সৈতে দিলে সান্ধ্য টহল

বক্সিঙৰ ৰিঙত দেশৰ বাবে গৌৰৱ কঢ়িয়াই অনাৰ পিছত এইবাৰ মহিলাৰ সুৰক্ষা আৰু সজাগতাৰ হকে ৰাজপথলৈ ওলাই আহিল অসম কন্যা লাভলীনা বৰগোঁহাই। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ ৰাজৌৰী গাৰ্ডেন অঞ্চলত মহিলা আৰক্ষী কৰ্মীসকলৰ…

ভূটানত আদানী গোষ্ঠীৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্প; ৭৭০ মেগাৱাট শক্তি উৎপাদনৰ বাবে ড্ৰুক গ্ৰীণ পাৱাৰৰ সৈতে ঐতিহাসিক চুক্তি

দক্ষিণ এছিয়াৰ শক্তি খণ্ডক অধিক স্বাৱলম্বী কৰাৰ দিশত অগ্ৰসৰ হৈ ভূটানৰ মাটিত আন এক মেগা প্ৰকল্পত হাত দিলে ভাৰতৰ আদানী পাৱাৰে। ভূটান চৰকাৰৰ অধীনস্থ ড্ৰুক গ্ৰীণ পাৱাৰ কৰ্পোৰেচন চমুকৈ ডিজিপিচিৰ…

৩০ অক্টোবৰত আছাম ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিৰ ষষ্ঠ সমাৱৰ্তন অনুষ্ঠান

গুৱাহাটীৰ আছাম ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিৰ (RGU) ষষ্ঠ সমাৱৰ্তন অনুষ্ঠান অহা ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব। এই অনুষ্ঠানত সভাপতিত্ব কৰিব অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ ভিজিটৰ লক্ষ্মণ প্ৰসাদ আচাৰ্যই। এই সমাৱৰ্তনত নিজ নিজ…

ঐতিহাসিক যাত্ৰা: ডিব্ৰুগড়ৰ পৰা বাংলাদেশলৈ ৰাওনা হ’ল প্ৰথম আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজ

স্বাধীনোত্তৰ ভাৰতৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰি ডিব্ৰুগড়ৰ পৰা প্ৰথম আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ যাত্ৰা আজিৰে পৰা ঐতিহাসিক শুভাৰম্ভ হৈছে। কেন্দ্রীয় চৰকাৰৰ বন্দৰ-জাহাজ পৰিবহন আৰু জলপথ মন্ত্রী সর্বানন্দ সোনোৱালে ডিব্ৰুগড়ৰ…

কামৰূপ জিলাৰ ৰাণীত ৰান্ধনি আৰু ৰন্ধন সহায়কসকলৰ সন্মান প্ৰদান

কামৰূপ জিলাৰ ৰাণী শিক্ষা খণ্ডৰ অন্তৰ্গত পিএমশ্ৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়, ফুলগুৰিত আজি সমগ্ৰ শিক্ষা, অসমৰ উদ্যোগত আয়োজিত ৰান্ধনি আৰু ৰন্ধন সহায়কসকলৰ সন্মান প্ৰদান অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বিধায়ক…

৬ অক্টোবৰত নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে সাজু প্ৰশাসন

মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে নগাঁও আৰু মৰিগাঁও জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। প্ৰায় ১৯ লাখ ভোটাৰে এই নিৰ্বাচনত ১৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। চৰকাৰী…

ব্ৰিটেইনত অসমৰ জীয়ৰীৰ স্বৰ্ণজয়, কেম্ব্ৰিজত উজ্জ্বলিল ভাৰতৰ নাম

ব্ৰিটেইনৰ কেম্ব্ৰিজত অসমৰ জীয়ৰী কৃতি ধানুকাই অসাধাৰণ সাফল্য অৰ্জন কৰি ভাৰত তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। গুৱাহাটীৰ কৃতি ধানুকাই সন্মানীয় CEFC International Olympiad Competition-ত স্বৰ্ণ পদক অৰ্জন কৰি আন্তঃৰাষ্ট্ৰীয়…

জালুকবাৰী সমষ্টিৰ ১ আৰু ২ নম্বৰ ৱাৰ্ডত ১৪ টা ধৰ্মীয় – ৰাজহুৱা প্ৰতিষ্ঠানত একেদিনাই খোৱাপানী যোগান আঁচনি উদ্ধোধন

সমষ্টি পুনৰ গঠনৰ পাছত পূৰ্বৰ পশ্চিম গুৱাহাটীৰ পৰা নতুনকৈ জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা গুৱাহাটী পৌৰ নিগম এলেকাৰ ১ আৰু ২ নম্বৰ ৱাৰ্ডত ১৪ টা ধৰ্মীয় – ৰাজহুৱা প্ৰতিষ্ঠানত ৰাইজৰ…