২০২৬ চনৰ ফিফা পুৰুষ বিশ্বকাপৰ ঐতিহাসিক জয়ৰ পাছত স্পেইনে পুনৰ ফিফা ৰেংকিঙৰ শীৰ্ষ স্থান দখল কৰিছে। ১৯ জুলাইত অনুষ্ঠিত ফাইনেলখনত স্পেইনে অতিৰিক্ত সময়ত ১-০ গ’লত ডিফেন্ডিং চেম্পিয়ন আৰ্জেণ্টিনাক পৰাস্ত কৰি বিশ্ব চেম্পিয়নৰ মুকুট পিন্ধে। স্পেইনৰ হৈ জয়সূচক গ’লটো দিয়ে ফেৰান টৰেছে।

এই সফলতাৰ লগে লগে স্পেইনে পুৰুষ আৰু মহিলা – উভয় শাখাতে বিশ্বৰ ১ নম্বৰ দল হিচাপে নিজকে প্ৰতিষ্ঠা কৰিলে।লিয়নেল মেছিৰ নেতৃত্বাধীন আৰ্জেণ্টিনা দ্বিতীয় স্থানলৈ অৱনমিত হৈছে। বিশ্বকাপত চতুৰ্থ স্থান পোৱা ফ্ৰান্সে তৃতীয় স্থান বাহাল ৰাখিছে। কোৱাৰ্টাৰ ফাইনেললৈ যোৱা মৰক্কোৱে ৬ষ্ঠ স্থান লাভ কৰিছে, যিটো তেওঁলোকৰ ইতিহাসৰ শ্ৰেষ্ঠ ৰেংকিং।

ব্ৰাজিল পুনৰ শীৰ্ষ ৫টা দলৰ ভিতৰত সোমাই ৫ম স্থানত আছে। আনহাতে পৰ্তুগাল ৭ম স্থানলৈ অৱনমিত হৈছে। চাৰিবাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানী ৩২টা দলৰ পৰ্যায়ৰ পৰা বিদায় লৈ ৰেংকিংত ১২ নম্বৰ স্থানলৈ অৱনমিত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰ, মেক্সিকো আৰু কানাডাৰ যৌথ উদ্যোগত অনুষ্ঠিত এই বিশ্বকাপত মেক্সিকো ১০ম স্থানলৈ উন্নীত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *