দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্যজুৰি চলা তীব্ৰ অভিযানৰ মাজতে এইবাৰ লাখিমপুৰত গ্ৰেপ্তাৰ হ’ল এ পি এছ চি টপাৰ তথা বন বিষয়া শিৱাশীষ শাণ্ডিল্য। এ পি এছ চি পৰীক্ষাত শীৰ্ষ স্থান দখল কৰি চৰকাৰী সেৱাত যোগ দিয়া এইগৰাকী বন বিষয়াই ঘোচ লৈ হাতে-লোটে ধৰা পৰাৰ ঘটনাই সমগ্ৰ ৰাজ্যতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

লাখিমপুৰত ফৰেষ্ট ৰেঞ্জাৰ হিচাপে কৰ্মৰত শাণ্ডিল্যই এজন ডাম্পাৰ মালিকৰ পৰা ১২ হাজাৰ টকা ঘোচ লৈ থকা অৱস্থাতে নিজৰ চৰকাৰী আৱাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত চলোৱা এই অভিযানত বিষয়াগৰাকীক নগদ ধনেৰে সৈতে আটক কৰিবলৈ সক্ষম হয় তদন্তকাৰী দলটো। মেধাৰ ভিত্তিত নিযুক্তি পোৱা এজন উচ্চপদস্থ বিষয়াই এনেদৰে দুৰ্নীতিত লিপ্ত হোৱা কাৰ্যই প্ৰশাসনৰ স্বচ্ছতাক লৈ পুনৰ প্ৰশ্ন উত্থাপন কৰিছে।

ইফালে, চৰকাৰী বিভাগত চলি থকা এনে অসাধু কাৰ্যক নস্যাৎ কৰিবলৈ আৰক্ষীয়ে অধিক তৎপৰতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে। বৰ্তমান শাণ্ডিল্যক অধিক সোধা-পোছাৰ বাবে জিম্মাত লোৱাৰ লগতে এই ঘটনাৰ সৈতে আন কোনো জড়িত আছে নেকি তাক লৈও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ পৰৱৰ্তী পৰ্যায়ত এই সন্দৰ্ভত অধিক বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *