২০২৩ বৰ্ষত প্ৰতিষ্ঠা হোৱা মাল্টি ডিচিপ্লিনেৰী আৰ্ট চেন্টাৰ ‘শব্দঘৰে বিগত বৰ্ষৰ দৰে এইবেলিও কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৫ সংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্প চৌহদত পহিলা মে’ৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ‘আলোকশিখা জ্বলুক প্ৰাণে’ শীৰ্ষক এক অনুষ্ঠান । পহিলা মে’ৰ দিনা বিয়লি সাংস্কৃতিক প্ৰকল্পৰ কলা বিথিকা হলত কাৰ্যসূচীৰ লগত সংগতি ৰাখি ‘চিৰন্তন ২৫শে বৈশাখ’ শীৰ্ষক এখন প্ৰদৰ্শনী অনুষ্ঠিত হয়। এই প্ৰদৰ্শনীৰ ভাৱনা, বিন্যাস আৰু ৰূপায়ণ আগৰতলাৰ শুভ্ৰজিৎ ভট্টচায্যৰ্ৰ৷ প্ৰদৰ্শনীখন অহা ৩ মে’লৈকে সকলোৰে বাবে মুকলি থাকিব । আনহাতে বহু বিশিষ্ট লোকৰ উপস্থিতিত প্ৰদৰ্শনীখন উদ্ধোধন কৰে প্ৰখ্যাত ৰবীন্দ্ৰ সংগীত শিল্পী মনোজ মুৰুলী নায়াৰে। আনহাতে চেমিনাৰ হলত শব্দঘৰৰ সভাপতি মাধুৰিমা বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপস্থিত সকলোকে আদৰণি জনায় সম্পাদক পাৰমিতা নাগে। সভাত বিশেষ অতিথি হিচাপে ভাগ লৈ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা ৰবীন্দ্ৰ গৱেষক ডঃ উষাৰঞ্জন ভট্টাচাৰ্যই ভাষণ প্ৰসংগত ভাৰতীয় সাহিত্যত কবি গুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ অনবদ্য অৱদানৰ কথা শ্ৰদ্ধাৰে সুঁৱৰি কয় যে কবি গুৰু গৰাকীয়ে সেই তাহানিতে কবিতাৰ মাজেৰে বিশ্ব সাহিত্যত ভাৰতক সফলতাৰে উপস্থাপন কৰিবলৈ সক্ষম হৈছিল। সভাত সন্মানীয় অতিথি হিচাপে ৰবীন্দ্ৰ সংগীত শিল্পী মনোজ মুৰুলী নায়াৰ , বিশিষ্ট কবি আৰু যুগশংখ কাকতৰ সম্পাদক বিকাশ চৰকাৰেও ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ওপৰত ভাষণ প্ৰদান কৰে। সভাত ৰবীন্দ্ৰ জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। উল্লেখ্য যে ২ মে’ত সন্ধিয়া ৫ বজাত সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ’ব শব্দঘৰৰ নিবেদিত তথা পাৰমিতা নাগৰ পৰিচালিত ৰু আৰু ৰবি নামৰ এখন শ্ৰুতি আলেখ্যৰে । তাৰ পাছতে কলকাতাৰ শান্তি নিকেতনৰ পৰা আমন্ত্ৰিত বিখ্যাত ৰবীন্দ্ৰ সংগীত শিল্পী মনোজ মুৰলী নায়াৰৰ সংগীতানুষ্ঠান অনুষ্ঠিত হব । ৩ মে শেহৰ দিনা শিল্পী মনোজ মুৰলী নায়াৰে পৰিচালনাত ‘ৰবীন্দ্ৰনাথৰ গানে শৈল্পিক ব্যাখ্যা’ শীৰ্ষক এখন কৰ্মশালা অনুষ্ঠিত হব। ২ আৰু ৩ মে’ৰ কাৰ্যসূচী কোনোবাই চাব বিচাৰিলে ৯৪৩৫৪-৯২৪৩১ , ৭০৮৬২-২৪১৫৫ , ৮৬৩৮৩-২৩৮৬২ বা ৮৬৩৮১-০৯৩৬৩ মবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি শব্দঘৰৰ সম্পাদক পাৰমিতা নাগে জানিবলৈ দিছে। Share this:FacebookX Related Post navigation লাখিমপুৰত জালত এ পি এছ চি টপাৰ; ঘোচ লৈ হাতে-লোটে ধৰা পৰিল বন বিষয়া শিৱাশীষ শাণ্ডিল্য