চলচ্চিত্ৰ নিৰ্মাতা মীৰা নায়াৰে তেওঁৰ নতুন ছবি ‘আমৰি’ (Amri)-ৰ কথা ঘোষণা কৰিছে। এই ছবিখন বিখ্যাত হাংগেৰীয়ান-ভাৰতীয় চিত্ৰশিল্পী অমৃতা শ্বেৰ-গিলৰ জীৱনভিত্তিক এক বায়’পিক (Biopic)। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব অভিনেত্ৰী অঞ্জলি শিৱৰামনে আৰু তেওঁৰ লগতে অন্যান্য গুৰুত্বপূৰ্ণ চৰিত্ৰত জয়দীপ আহলাৱাট আৰু প্ৰিয়ংকা চোপ্ৰা জোনাছকো দেখিবলৈ পোৱা যাব।আধুনিক ভাৰতীয় শিল্পকলাৰ এগৰাকী অগ্ৰদূত, যিয়ে নিজৰ সাহসী চিত্ৰকল্প আৰু জীৱনশৈলীৰে সমাজব্যৱস্থাক জোকাৰি গৈছিল, সেই শ্বেৰ-গিলৰ ওপৰত নিৰ্মাণ হ’বলগীয়া এই বায়’পিকখন পৰিচালক মীৰা নায়াৰৰ বাবে এটা সপোনৰ প্ৰকল্প (Dream project)। নায়াৰক ইয়াৰ পূৰ্বে ‘চালাম বোম্বে!’, ‘মনচুন ৱেডিং’, ‘দা নেমচেইক’ আৰু ‘এ চুইটেবল বয়’ আদি ছবিৰ বাবে জনা যায়।নায়াৰে প্ৰথমে ২০২০ চনতে এই প্ৰকল্পটোৰ কথা ঘোষণা কৰিছিল, কিন্তু ক’ভিড-১৯ মহামাৰীৰ বাবে ই স্থগিত হৈ পৰে। সেই সময়ত ‘এ চুইটেবল বয়’ত মুখ্য চৰিত্ৰত অভিনয় কৰা তনয়া মণিকতালাই শ্বেৰ-গিলৰ চৰিত্ৰত অভিনয় কৰাৰ কথা আছিল। নায়াৰে শ্বেৰ-গিলৰ ৰূপত শিৱৰামনৰ প্ৰথমটো চাৱনিও (First look) মুকলি কৰিছে। কেৰালাত জন্মগ্ৰহণ কৰা ৩১ বছৰীয়া এই অভিনেত্ৰীগৰাকী ‘ক’বাল্ট ব্লু’, ‘ক্লাছ’ আৰু ‘বেড গাৰ্ল’ত কৰা অভিনয়ৰ বাবে পৰিচিত।ছবিখনত এমিলি ৱাটছনে শ্বেৰ-গিলৰ মাতৃ মেৰী-এণ্টইনেট গটেছমেনৰ চৰিত্ৰত, আহলাৱাটে তেওঁৰ পিতৃ উমৰাও সিং শ্বেৰ-গিলৰ চৰিত্ৰত, ক্ৰীষ্টিয়ান চিচভাৰীয়ে ভিক্টৰ ইগানৰ চৰিত্ৰত, অঞ্জনা ভাসনে ইন্দিৰা শ্বেৰ-গিলৰ চৰিত্ৰত, জিম চাৰ্ভে কাৰ্ল খাণ্ডালাভালাৰ চৰিত্ৰত আৰু জোনাছে (প্ৰিয়ংকা চোপ্ৰা) মেডাম আজুৰীৰ চৰিত্ৰত অভিনয় কৰিব।প্ৰিয়ংকা চোপ্ৰা জোনাছ এই ছবিখনৰ কাৰ্যবাহী প্ৰযোজকো (Executive-producer)। বিংশ শতিকাৰ প্ৰথমাৰ্ধৰ হাংগেৰী, ফ্ৰান্স আৰু ভাৰতৰ পটভূমিত এই ছবিখন নিৰ্মাণ কৰা হৈছে, যাতে ইউৰোপ আৰু ভাৰতৰ সেই পৰিৱেশটোক তুলি ধৰিব পৰা যায় যিয়ে শ্বেৰ-গিলৰ কল্পনা আৰু শৈল্পিক দৃষ্টিভংগীক গঢ় দিছিল।বিংশ শতিকাৰ অন্যতম শ্ৰেষ্ঠ মহিলা শিল্পী হিচাপে পৰিগণিত হোৱা শ্বেৰ-গিলৰ মাত্ৰ ২৮ বছৰ বয়সতে মৃত্যু হৈছিল। কিন্তু বৰ্তমান সময়ত অত্যন্ত মূল্যৱান হিচাপে বিবেচিত তেওঁৰ চিত্ৰকৰ্মসমূহে ভাৰত আৰু ইয়াৰ নাৰী সমাজৰ এক আভাস দিয়ে। শ্বেৰ-গিলৰ আটাইতকৈ বিখ্যাত শিল্পকৰ্মসমূহৰ ভিতৰত অন্যতম হৈছে— ‘টু ৱিমেন’, ‘দা ব্ৰাইডছ টয়লেট’, ‘গ্ৰুপ অৱ থ্ৰী গাৰ্লছ’, ‘দা গাৰ্ল ইন ব্লু’, ‘স্লিপিং ৱমেন’, ‘হিল ৱিমেন’, ‘হাংগেৰিয়ান জিপচী গাৰ্ল’ আৰু কেইবাখনো আত্ম-প্ৰতিকৃতি (Self-portraits)।বৰ্তমান ভাৰত আৰু হাংগেৰীজুৰি ‘আমৰি’ৰ নিৰ্মাণ কাৰ্য (Production) শেষ পৰ্যায়ত চলি আছে।মীৰা নায়াৰে কয়, “বিগত কেইটামান দশকত মই নিৰ্মাণ কৰা প্ৰতিখন ছবিয়েই অমৃতা শ্বেৰ-গিলৰ শিল্পকলাৰ দ্বাৰা অনুপ্ৰাণিত। তেওঁ মোক পৃথিৱীখনক চাবলৈ শিকাইছিল। তেওঁ ইউৰোপীয় প্ৰশিক্ষণৰ শ্ৰেষ্ঠখিনিক বুটলি লৈ ভাৰতৰ আত্মাক এনে এক অনন্য ৰূপত প্ৰকাশ কৰিছিল যাৰ তুলনা নাই— এই প্ৰকাশভংগীয়েই আৰম্ভণিৰে পৰা মোৰ চিনেমা শিল্পক সজীৱ কৰি ৰাখিছে। তেওঁৰ ৰং-তুলিকাৰ সাহসিকতা আৰু ভাৰতৰ সাধাৰণ মানুহক ফ্ৰেমত আৱদ্ধ কৰাৰ শৈলীয়ে মোক সদায় আপ্লুত কৰি আহিছে।”‘আমৰি’ ছবিখনত এগৰাকী শিল্পী আৰু এগৰাকী নাৰী হিচাপে শ্বেৰ-গিলৰ যৌৱনকাল, আত্মপৰিচয়ৰ বাবে তেওঁৰ নিৰন্তৰ সন্ধান, সামাজিক নীতি-নিয়মৰ প্ৰতি তেওঁৰ প্ৰত্যাহ্বান (আনকি তেওঁৰ প্ৰেমজীৱনক লৈ হোৱা বিতৰ্ক পৰ্যন্ত) আৰু সম্পূৰ্ণ নিজা এক দৃশ্যমান ভাষা (Visual language) গঢ়ি তোলাৰ বাবে তেওঁৰ দৃঢ় সংকল্পক অন্বেষণ কৰা হৈছে।নায়াৰে ক্লাৰা ৰয়াৰৰ সৈতে যুটীয়াভাৱে ছবিখনৰ চিত্ৰনাট্য লিখিছে আৰু সমুদ্ৰিকা আৰোৰা তথা মাইকেল ন’জিকৰ সৈতে মিলি ইয়াক প্ৰযোজনা কৰিছে।আৰোৰাই কয়, “অমৃতা শ্বেৰ-গিলৰ জীৱন আৰু তেওঁৰ কৰ্মৰাজিয়ে আধুনিক প্ৰজন্মৰ আকাংক্ষাক প্ৰতিফলিত কৰে, য’ত পৰিচয় আৰু কোনো কুণ্ঠাবোধ নোহোৱাকৈ কৰা আত্ম-প্ৰকাশৰ মিলন ঘটে। দুখন সম্পূৰ্ণ পৃথক পৃথিৱীৰ পৰা অহাৰ যি মানসিক টান— দুয়োখনৰে অংশ হোৱাৰ প্ৰত্যাহ্বান, অথচ কোনো এখনৰে সম্পূৰ্ণ হৈ পৰিব নোৱাৰাৰ বেদনা— ইয়াৰ মাজত এক গভীৰ মানৱীয় অনুভূতি লুকাই আছে।”আৰোৰাই লগতে কয়, “এই ছবিখন নিৰ্মাণ কৰিবলৈ মোক যি কথাই অনুপ্ৰাণিত কৰিছিল সেয়া হ’ল— আমৰিয়ে কেনেকৈ দুয়োখন পৃথিৱীৰ শ্ৰেষ্ঠখিনিক নিজৰ মাজত ধৰি ৰাখিছিল আৰু ইখন-সিখনৰ মাজৰ শূন্যতাত নিজক হেৰুৱাই পেলোৱা নাছিল। মীৰাৰ দৰে এগৰাকী পৰিচালকৰ সৈতে এই কাহিনীটোক বাস্তৱ ৰূপ দিয়াটো এক সৌভাগ্যৰ কথা, যাৰ আন্তঃসাংস্কৃতিক কাহিনী (Cross-cultural stories) কোৱাৰ দক্ষতা অতুলনীয়।”ইফালে, ২০২৭ চনত সমগ্ৰ বিশ্বজুৰি অমৃতা শ্বেৰ-গিলৰ শিল্পকৰ্মৰ বৃহৎ প্ৰদৰ্শনীৰ পৰিকল্পনা কৰা হৈছে। এই প্ৰদৰ্শনী পেৰিছৰ পৰা আৰম্ভ হৈ লছ এঞ্জেলছ, দোহা আৰু অৱশেষত নতুন দিল্লীত অনুষ্ঠিত হ’ব, য’ত এখন স্থায়ী প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা হৈছে। Share this:FacebookX Related Post navigation ‘ইন্সপেক্টৰ অবিনাশ-2’ৰ টীজাৰ মুকলি, ৰণদীপ হুড্ডাই আকৌ সুপাৰ কপ হিচাপে আকৰা-ব্যকৰা লগাব লংগড়া ত্যাগী’ৰ চৰিত্ৰত অভিনয় কৰাক লৈ মুকলিকৈ ক’লে ছৈফ আলী খানে