আমেৰিকাত নতুন ৰাজনৈতিক দল “আমেৰিকা পাৰ্টি”ৰ কথা ঘোষণা কৰিছে ইলন মাস্কে। যিয়ে ড’নাল্ড ট্ৰাম্প আৰু বৰ্তমানৰ দুটা দলীয় ব্যৱস্থাক প্ৰত্যক্ষভাৱে প্ৰত্যাহ্বান জনাব। মাস্কৰ লক্ষ্য হৈছে গুৰুত্বপূৰ্ণ ছিনেট আৰু হাউছৰ আসনত গুৰুত্ব দি সংসদক প্ৰভাৱিত কৰা। “বিগ, বিউটিফুল বিল”ৰ দৰে বিলৰ প্ৰতিবাদত এই পদক্ষেপ গ্ৰহণ কৰিছে মাস্কে।তেওঁ নিজে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত নতুন দলটোৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয়, “ট্ৰাম্পৰ “বিগ বিউটিফুল” বিলখনে আমেৰিকাক দেউলীয়া কৰিব।” ইলন মাস্কে এক্সত ৰাজনৈতিক দলটোৰ কথা ঘোষণা কৰি দলটোক ‘আমেৰিকা পাৰ্টি’ বুলি নামকৰণ কৰে।তেওঁ লিখিছে, ” ধ্বংস আৰু দুৰ্নীতিৰে আমাৰ দেশক দেউলীয়া কৰাৰ কথা আহিলে আমি গণতন্ত্ৰ নহয়, ৱান পাৰ্টি চিষ্টেমত বিশ্বাস কৰোঁ। আজি আপোনালোকৰ স্বাধীনতা ঘূৰাই দিবলৈ আমেৰিকা পাৰ্টি গঠন কৰা হৈছে।” এতিয়া প্ৰশ্ন হৈছে ইলন মাস্কৰ দলৰ সম্পূৰ্ণ পৰিকল্পনা কি? ২০২৪ চনৰ আমেৰিকাৰ নিৰ্বাচনত বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্কে ডাঙৰ ভূমিকা পালন কৰিছিল। তেওঁ সমগ্ৰ নিৰ্বাচনৰ পৰিচালনাৰ লগতে পুঁজিৰ কামো চম্ভালিছিল। কোৱা হৈছে যে মাস্কৰ বলত ট্ৰাম্পে নিৰ্বাচনত জয়লাভ কৰিছিল। এতিয়া নতুন দল গঠন কৰি ট্ৰাম্পক মুকলি প্ৰত্যাহ্বান দিছে মাস্কে।শেহতীয়াকৈ আমেৰিকাৰ সংসদত বিগ বিউটিফুল বিল গৃহীত হৈছে। মাস্কে এই বিধেয়কখনৰ বিৰোধিতা কৰিছিল। এই বিধেয়কখনৰ বাবেই বাঢ়িছে ট্ৰাম্প আৰু মাস্কৰ মাজত দূৰত্ব । এই বিধেয়কখনে সংসদত ২১৮টা সপক্ষে আৰু ২১৪টা বিৰোধী ভোট লাভ কৰে। মাস্কে এই ভোটসমূহ নিজৰ পক্ষত আনিবলৈ চেষ্টা কৰিছে। যাতে আগন্তুক সময়ত এনে বিধেয়ক সংসদতে বন্ধ কৰিব পৰা যায়। Share this:FacebookX Related Post navigation ৭৫০ কোটি টকাৰো অধিক বিনিয়োগ কৰিব গড্ৰেজ ইণ্ডাষ্ট্ৰীজ লিমিটেডে আশীৰ্বাদে পুৰী ৰথ যাত্ৰাৰ সময়ত নিজৰ অনন্য আধ্যাত্মিক পদক্ষেপ ‘ভক্তি পাঠে’ৰ ব্যৱস্থা কৰিছে