অধিনায়ক অক্ষৰ পেটেল আৰু ডেভিদ মিলাৰৰ অৰ্ধশতকৰ সহায়ত দিল্লী কেপিটেলছে সোমবাৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ এখন ৰোমাঞ্চকৰ খেলত পঞ্জাৱ কিংছক তিনি উইকেটত পৰাস্ত কৰি তেওঁলোকৰ প্লে-অফৰ ক্ষীণ আশা জীয়াই ৰাখিছে।প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ পোৱাৰ পিছত পঞ্জাৱ কিংছৰ হৈ প্ৰিয়াংশ আৰ্য (৩৩ বলত ৫৬ ৰান) আৰু প্ৰভসিমৰণ সিঙে (১৮ ৰান) প্ৰথম উইকেটত ৪১ বলত ৭৮ ৰান যোগ কৰে। প্ৰিয়াংশ আৰ্যই মাত্ৰ ৩৩টা বলত ছটা ছিক্সাৰৰ সহায়ত ৫৬ ৰানৰ এটা বিধ্বংসী ইনিংছ খেলে। দিল্লীৰ বলাৰসকলে পিছলৈ নিয়ন্ত্ৰিত বলিং কৰি পঞ্জাৱক ৫ উইকেটত ২১০ ৰানত সীমাবদ্ধ ৰাখে। টুৰ্ণামেণ্টৰ প্ৰথমাৰ্ধত অপৰাজিত হৈ থকা পঞ্জাৱে এতিয়া একেৰাহে চাৰিখন খেলত পৰাজয় বৰণ কৰিছে আৰু প্লে-অফৰ বাবে তেওঁলোকৰ হাতত থকা বাকী তিনিখন খেলৰ ভিতৰত কমেও দুখনত জয়ী হোৱাটো প্ৰয়োজন। পঞ্জাৱৰ ইনিংছত শেষৰ ফালে শ্ৰেয়াছ আয়াৰ (৩৬ বলত অপৰাজিত ৫৯) আৰু কুপাৰ কনলীয়ে (২৭ বলত ৩৮) দায়িত্ব সহকাৰে বেটিং কৰি দলৰ স্ক’ৰ ৫ উইকেটত ২১০ লৈ লৈ যায়।লক্ষ্য অনুসৰণ কৰিবলৈ গৈ দিল্লীয়ে ৭৪ ৰানতে ৪টা উইকেট হেৰুৱাই বিপদত পৰিছিল যদিও অক্ষৰ (৫৬) আৰু মিলাৰে (৫১) দলটোক উদ্ধাৰ কৰে। শেষৰ ফালে আশুতোষ শৰ্মা আৰু মাধৱ তিৱাৰীয়ে ১৯ অভাৰত ৭ উইকেট হেৰুৱাই ২১৬ ৰান সংগ্ৰহ কৰি দিল্লীক জয়ী কৰে। ১৯ নম্বৰ অভাৰত মিচেল ষ্টাৰ্কে মাৰ্কাছ ষ্টইনিছ আৰু শশাংক সিঙক একেৰাহে দুটা বলত আউট কৰাৰ পিছত সূৰ্য্যাংশ শ্বেজেই কেইটামান দৰ্শনীয় ছিক্সাৰ কোবাই খেলখনৰ মোৰ সলাই দিয়ে।দিল্লীৰ হৈ মিচেল ষ্টাৰ্কে (২/৫৭) আৰু মাধৱে (২/৪০) দুটাকৈ উইকেট দখল কৰে। আনহাতে পঞ্জাৱৰ আৰ্শদীপ সিঙে (২/২১) সুন্দৰ বলিং প্ৰদৰ্শন কৰে। Share this:FacebookX Related Post navigation আই পি এলৰ আচৰণ বিধি ভংগৰ বাবে এণ্ডী ফ্লাৱাৰক জৰিমনা এ আই টি এ-ৰ উপ-সভাপতি নিৰ্বাচিত ৰক্তিম শইকীয়া