সদৌ অসম টেনিছ সন্থাৰ (AATA) সভাপতি ৰক্তিম শইকীয়া অল ইণ্ডিয়া টেনিছ এছ’চিয়েচনৰ (AITA) উপ-সভাপতি হিচাপে নিৰ্বাচিত হৈছে। এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা জনোৱা হৈছে। শইকীয়াই ইয়াৰ পূৰ্বে ২০২০ চনৰ পৰা এ আই টি এ-ৰ যুটীয়া সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ উপৰিও তেওঁ ২০১২ চনৰ পৰা ২০১৬ চনলৈ আৰু ২০১৬ চনৰ পৰা ২০২০ চনলৈকে একেৰাহে দুটা কাৰ্যকালৰ বাবে সন্থাৰ কোষাধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
তেওঁ ১৯৯৪ চনত এ আই টি এ-ৰ কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য হিচাপে যোগদান কৰিছিল আৰু ২০১২ চনলৈকে সেই পদত আছিল। এই সময়ছোৱাত তেওঁ ১৯৯৮ চনৰ পৰা ২০০৪ চনলৈকে জুনিয়ৰ ডেভেলপমেণ্ট কমিটিৰ আহ্বায়ক, ২০০৪ চনৰ পৰা ডেভেলপমেণ্ট কমিটিৰ সদস্য আৰু ২০০৮ চনৰ পৰা ২০১২ চনলৈকে ফাইনেন্স কমিটিৰ সদস্য হিচাপেও সেৱা আগবঢ়াইছিল।

By Tarali

Leave a Reply

Your email address will not be published. Required fields are marked *