দেওবাৰে হাইলাকান্দি জিলাৰ লালা চহৰৰ হৰি মন্দিৰ প্ৰাংগণত এটা নতুন টাইকোৱাণ্ডো প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰা হয়। ‘লেইহৌমি লিপুন লুপ’, ‘লালা’ আৰু ‘মাইপাক টাইকোৱাণ্ডো একাডেমী’ৰ যুটীয়া উদ্যোগত আৰু হাইলাকান্দি জিলা টাইকোৱাণ্ডো সন্থাৰ সহযোগত এই কেন্দ্ৰটো মুকলি কৰা হৈছে।
এই পদক্ষেপৰ মূল উদ্দেশ্য হ’ল শিশু আৰু যুৱক-যুৱতীসকলৰ মাজত আত্মৰক্ষা, অনুশাসন আৰু শাৰীৰিক সক্ষমতা বৃদ্ধি কৰা। কেন্দ্ৰটোৰ শুভ উদ্বোধন আৰু বিশেষ প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰায় ১০০ গৰাকী শিশু আৰু কিশোৰ-কিশোৰীয়ে অংশগ্ৰহণ কৰে।
মুখ্য প্ৰশিক্ষক ৰাজকুমাৰ সিনহাৰ তত্ত্বাৱধানত এই প্ৰশিক্ষণ শিবিৰ পৰিচালনা কৰা হয়। অনুষ্ঠানত বক্তাসকলে উল্লেখ কৰে যে টাইকোৱাণ্ডোৱে উঠি অহা প্ৰজন্মৰ মাজত শাৰীৰিক সক্ষমতাৰ লগতে আত্মবিশ্বাস আৰু মানসিক শক্তি গঢ়ি তোলাত সহায় কৰে।

By Tarali

Leave a Reply

Your email address will not be published. Required fields are marked *