মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অনুষ্ঠিত খেলখনত চতুৰ্থ আম্পায়াৰৰ সৈতে বিবাদত লিপ্ত হৈ আই পি এলৰ আচৰণ বিধি ভংগ কৰাৰ অপৰাধত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মুখ্য প্ৰশিক্ষক এণ্ডী ফ্লাৱাৰক তেওঁৰ মেচ ফীৰ ১৫ শতাংশ জৰিমনা বিহা হৈছে। সোমবাৰে টুৰ্ণামেণ্টৰ আয়োজকসকলে এই কথা সদৰী কৰে। আই পি এলৰ এটা বিবৃতিত কোৱা হৈছে, “খেলুৱৈ আৰু দলৰ বিষয়াসকলৰ বাবে নিৰ্ধাৰিত আই পি এলৰ আচৰণ বিধিৰ স্তৰ ১ (Level 1) ভংগ কৰাৰ বাবে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মুখ্য প্ৰশিক্ষক এণ্ডী ফ্লাৱাৰক তেওঁৰ মেচ ফীৰ ১৫ শতাংশ জৰিমনা বিহা হৈছে।” আচৰণ বিধিৰ ধাৰা ২.৩ ভংগ কৰাৰ বাবে এণ্ডী দোষী সাব্যস্ত হৈছে, যিটো ‘খেলৰ সময়ত অশ্ৰাব্য ভাষা প্ৰয়োগ’ৰ সৈতে সম্পৰ্কিত। ১৭.২ অভাৰত এণ্ডীয়ে চতুৰ্থ আম্পায়াৰৰ সৈতে আক্ৰমণাত্মকভাৱে কথা পতাৰ সময়তে এই ঘটনাটো ঘটিছিল।
মেচ ৰেফায়ী অমিত শৰ্মাই আৰোপ কৰা এই শাস্তি এণ্ডীয়ে স্বীকাৰ কৰি লৈছে। উল্লেখ্য যে, ১৬৭ ৰানৰ লক্ষ্য অনুসৰণ কৰি আৰ চি বি-য়ে অন্তিমটো বলত ২ উইকেটত জয়লাভ কৰিছিল। এই বিজয়ে তেওঁলোকৰ প্লে-অফৰ আশা সজীৱ কৰি ৰখাৰ বিপৰীতে মুম্বাই ইণ্ডিয়ানছক এই দৌৰৰ পৰা বাহিৰ কৰি দিয়ে। — পি টি আই

By Tarali

Leave a Reply

Your email address will not be published. Required fields are marked *