২০২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত হৈ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিখন নিৰ্বাচনী সভাত আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিৰোধী দল কংগ্ৰেছক। প্ৰতিখন নিৰ্বাচনী সভাতে তেওঁ কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে কয় যে লোকসভা নিৰ্বাচন ২০২৪ৰ বাবে কংগ্ৰেছে প্ৰকাশ কৰা ইস্তাহাৰটো বিভ্ৰান্তিকৰ। কংগ্ৰেছৰ ইস্তাহাৰৰ কোনো মূল্য নাই। ইস্তাহাৰখন চোৱাৰ পিছত, মানুহে বিভ্ৰান্ত হ’ব যে এয়া ভাৰতৰ নিৰ্বাচনৰ বাবে ইস্তাহাৰ নে পাকিস্তানৰ বাবে, এনে অনুভৱ হয় যেন এই ইস্তাহাৰটো পাকিস্তানৰ বাবে বেছি আৰু ভাৰতৰ বাবে কম। উল্লেখ্য যে কংগ্ৰেছে ৫ এপ্ৰিলত তেঁওলোকৰ লোকসভা ইস্তাহাৰ প্ৰকাশ কৰিছিল। ‘ন্যায় পাত্ৰ’ নামৰ ইস্তাহাৰখনত ‘পঞ্চ ন্যায়’ বা ন্যায়ৰ পাঁচটা স্তম্ভৰ ওপৰত গুৰুত্ব দিয়া হৈছিল, যাৰ ভিতৰত আছে ‘যুৱ ন্যায়’, ‘নাৰী ন্যায়’, ‘কিষাণ ন্যায়’, ‘শ্ৰমিক ন্যায়’ আৰু ‘ হিচ্ছেদাৰী ন্যায়’।

Leave a Reply

Your email address will not be published. Required fields are marked *