অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অন্যতম মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি প্ৰক্ৰিয়াত এক নতুন মোৰে লৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ত বৃহস্পতিবাৰে এই আবেদনৰ শুনানি গ্ৰহণৰ দিন ধাৰ্য আছিল যদিও ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে এই শুনানি গ্ৰহণ নকৰিলে। আদালতৰ পঞ্জীয়কে এই গোচৰটো এতিয়া আন এজন ন্যায়াধীশৰ বিচাৰপীঠলৈ স্থানান্তৰ কৰাৰ পিছতহে পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ’ব। বিশেষ ফাষ্টট্ৰেক আদালতে পূৰ্বে জামিন নাকচ কৰাৰ পিছতে জুবিন গাৰ্গৰ এই প্ৰাক্তন মেনেজাৰগৰাকীয়ে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। আনহাতে, একেটা দিনতে এই গোচৰৰ সৈতে জড়িত ‘মহাবীৰ একুৱা’ কোম্পানীৰ সন্দৰ্ভতো আদালতে কোনো শুনানি গ্ৰহণ নকৰিলে। বিশেষ ফাষ্টট্ৰেক আদালতে উক্ত প্ৰতিষ্ঠানটো জব্দ কৰাৰ নিৰ্দেশ দিয়াৰ পিছতে সিদ্ধাৰ্থৰ ব্যৱসায়িক সহযোগী চেতন ধীৰাচেৰিয়াই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। উল্লেখযোগ্য যে, যোৱা ২৯ মে’ত ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ আদালতে এই গোচৰৰ আন এজন মূল অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনো খাৰিজ কৰিছিল। ইফালে, যোৱা ২৬ মে’ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ৭ জন অভিযুক্তৰ বিৰুদ্ধে আদালতে আনুষ্ঠানিকভাৱে অভিযোগনামা গঠন কৰিছে। ইয়াৰে ৬ জন অভিযুক্তৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ গুৰুতৰ ধাৰা জাপি দিয়া হৈছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে অহা ৮ জুনৰ পৰা এই গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ দিন ধাৰ্য কৰিছে। চৰকাৰী অধিবক্তাই জনোৱা অনুসৰি, ভাৰতীয় ন্যায় সংহিতাৰ ৩৬, ৩৭ আৰু ৩৮ নম্বৰ ধাৰাৰ অধীনত এই সমগ্ৰ প্ৰক্ৰিয়াটো চলিব। ৮ জুনৰ পৰা প্ৰতিদিনে চলিবলগীয়া এই ক্ষিপ্ৰ বিচাৰ কাৰ্যত গোচৰটোৰ প্ৰায় ৩৪৯ গৰাকী সাক্ষীৰ ভাষ্য পৰ্যায়ক্ৰমে গ্ৰহণ কৰা হ’ব। Share this:FacebookX Related Post navigation এইছএছবিচি মিউচুৱেল ফাণ্ডে গ্ৰাহকৰ বাবে মুকলি কৰিলে ৰেডহেক্স হাইব্ৰিড লং-শ্বৰ্ট ফাণ্ড বিটিআৰত ভূমি পট্টা বিতৰণ আৰু গৰু বজাৰ পুনৰুজ্জীৱিতকৰণৰ গুৰুত্বপূৰ্ণ নীতিগত সিদ্ধান্ত বিটিচিৰ