বিটিআৰত গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰা আৰু ভূমিহীন লোকৰ দীৰ্ঘদিনীয়া ভূমি সমস্যা সমাধানৰ বাবে দুখনকৈ গুৰুত্বপূৰ্ণ নীতিত অনুমোদন জনাইছে বড়োলেণ্ড প্ৰাদেশিক পৰিষদ চমুকৈ বিটিচিৰ কাৰ্যবাহী পৰিষদে। কোকৰাঝাৰস্থিত পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক বিশেষ বৈঠকৰ অন্তত বৃহস্পতিবাৰে বিটিচিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত অৱগত কৰে এই নতুন সিদ্ধান্তৰ কথা। সমগ্ৰ বড়োলেণ্ড আঞ্চলিক ক্ষেত্ৰৰ সৰ্বাংগীণ বিকাশৰ স্বাৰ্থতে প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰিছে।

প্ৰথমটো সিদ্ধান্ত অনুসৰি, অঞ্চলটোৰ পৰম্পৰাগত গৰু বজাৰসমূহ পুনৰুজ্জীৱিত কৰাৰ লগতে নতুন বাণিজ্যিক কেন্দ্ৰ স্থাপনৰ এক বৃহৎ পৰিকল্পনা হাতত লোৱা হৈছে। এই নতুন পদক্ষেপে পশুধনৰ ব্যৱসায়িক নেটৱৰ্ক উন্নত কৰাৰ ক্ষেত্ৰত এক ইতিবাচক প্ৰভাৱ পেলাব। কৃষক, পশুপালক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলক এক সুসংগঠিত মঞ্চ প্ৰদান কৰিব এই আঁচনিয়ে। ইয়াৰ জৰিয়তে গ্ৰাম্য অঞ্চলত নতুন উপাৰ্জনৰ সুযোগ সৃষ্টি হোৱাৰ লগতে বৰ্তমানৰ অসংগঠিত বজাৰ ব্যৱস্থাটো অধিক নিয়ন্ত্ৰিত হৈ পৰিব বুলি আশা প্ৰকাশ কৰে বসুমতাৰীয়ে।

অন্য এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত যোগে, বিটিআৰৰ গ্ৰাম্য আৰু চহৰ অঞ্চলত বসবাস কৰা যোগ্য ভূমিহীন বাসিন্দাসকলৰ মাজত ভূমি পট্টা বিতৰণৰ প্ৰস্তাৱত সন্মতি জনাইছে পৰিষদে। দীৰ্ঘদিন ধৰি চলি থকা মাটিৰ মালিকীস্বত্ব আৰু নথিপত্ৰৰ সমস্যা দূৰ কৰিব এই ঐতিহাসিক পদক্ষেপে। কাৰ্যবাহী সদস্য বসুমতাৰীয়ে উল্লেখ কৰা মতে, এই ভূমি আবণ্টন প্ৰক্ৰিয়া বড়োলেণ্ড পিপলছ ফ্ৰণ্ট চমুকৈ বিপিএফৰ পূৰ্বৰ প্ৰতিশ্ৰুতিৰ সৈতেই সংগতিপূৰ্ণ। বৰ্তমান আইনী স্বত্ব নোহোৱাকৈ বসবাস কৰি থকা বহু পৰিয়াল এই আঁচনিৰ দ্বাৰা পোনপটীয়াকৈ উপকৃত হ’ব। আগন্তুক দিনত ইয়াৰ যোগ্যতাৰ মাপকাঠি আৰু ৰূপায়ণৰ সময়সূচী বিতংভাৱে ঘোষণা কৰা হ’ব বুলি চৰকাৰী সূত্ৰই জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *