‘বিগ বছ ১৭’ৰ প্ৰাক্তন প্ৰতিযোগী তথা জনপ্ৰিয় ইউটিউবাৰ অনুৰাগ ডোভালৰ এটা শেহতীয়া ভিডিঅ’ই এতিয়া ইন্টাৰনেটত তীব্ৰ খলকনিৰ সৃষ্টি কৰিছে। ‘দ্য ৰিয়েল ষ্ট’ৰী অফ মাই লাইফ’ নামেৰে প্ৰায় ২ ঘণ্টা জোৰা এটা দীঘলীয়া ব্লগ শ্বেয়াৰ কৰি অনুৰাগে নিজৰ পৰিয়ালৰ বিৰুদ্ধে মানসিক নিৰ্যাতনৰ অতি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ গভীৰ মানসিক অৱসাদত ভুগি থকাৰ লগতে ইতিপূৰ্বে আত্মহত্যাৰ চেষ্টাও চলাইছিল বুলি কৰা চাঞ্চল্যকৰ দাবিয়ে অনুৰাগীসকলক শংকিত কৰি তুলিছে।

ইউটিউবাৰগৰাকীৰ মতে, আন্তঃধৰ্মীয় বিবাহ কৰাৰ সিদ্ধান্ত লোৱাৰ পাছৰে পৰা তেওঁৰ জীৱনলৈ দুৰ্যোগ নামি আহিছিল। এই বিবাহৰ বাবে পৰিয়ালে তেওঁক যোৱা এটা বছৰে মানসিকভাৱে অতিশয় হাৰাশাস্তি কৰি অহাৰ ফলত তেওঁৰ আৰ্থিক শক্তি আৰু সকলো সম্পৰ্ক হেৰুৱাবলগীয়া হৈছে। আনকি এই কঠিন সময়ত তেওঁৰ পত্নী ৰিতিকাৰ পৰাও তেওঁ কোনো সমৰ্থন লাভ নকৰাৰ কথা ভিডিঅ’টোত প্ৰকাশ কৰিছে।

ভিডিঅ’টোত অনুৰাগে নিজৰ ভাতৃ কালামৰ বিৰুদ্ধে বিশেষকৈ সম্পত্তি হস্তগত কৰাৰ অভিযোগ তুলি কয়, “মোক ছ’চিয়েল মিডিয়াত এক্সপ’জ কৰাৰ ভাবুকি দি মোৰ সকলো সম্পত্তি আৰু ধন ভাতৃয়ে নিজৰ নামত কৰি লৈছে।”

তেওঁ লগতে কয়, “মোৰ মৃত্যু হ’লে ইয়াৰ বাবে পিতৃ-মাতৃ আৰু ভাতৃ জগৰীয়া হ’ব।”

বিগত ৫ দিন ধৰি একো আহাৰ গ্ৰহণ নকৰা অনুৰাগে এই ভিডিঅ’টোৰ পাছত ক’ৰবাত নিৰুদ্দেশ হৈ যোৱাৰো ইংগিত দিছে। ১৪ বছৰ বয়সতে ব্ৰেইন টিউমাৰত আক্ৰান্ত হোৱা অনুৰাগে সদায় পৰিয়ালৰ আশা-আকাংক্ষাক অগ্ৰাধিকাৰ দি আহিছিল যদিও বিনিময়ত কেৱল প্ৰতাৰণাহে লাভ কৰিলে বুলি আক্ষেপ প্ৰকাশ কৰে।

বৰ্তমান এই ভিডিঅ’টো সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে লগে অনুৰাগীসকলে ইউটিউবাৰগৰাকীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰক্ষী আৰু প্ৰশাসনক কাতৰ আহ্বান জনাইছে। অনুৰাগে যাতে কোনো চৰম সিদ্ধান্ত গ্ৰহণ নকৰে, তাৰ বাবে এতিয়া অনুৰাগীসকল প্ৰাৰ্থনাত বহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *