জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই নিজৰ ইলেক্ট্ৰিক বাহনৰ পৰ্টফলিঅ’ত প্ৰিমিয়াম ষ্টাইল আৰু পিছৰ আসনৰ উন্নত আৰামদায়ক ব্যৱস্থা সংযোগ কৰি ১৭,৯৯,৮০০ টকাৰ এক্স-শ্ব’ৰুম মূল্যত এমজি উইণ্ডচৰ ইণ্ডালজ সংস্কৰণ মুকলি কৰিছে।এই বিশেষ সংস্কৰণটোত এটা ৩৮-কিল’ৱাট আৱাৰ বেটাৰী পেক ব্যৱহাৰ কৰা হৈছে, যিয়ে ১০০ কিল’ৱাট (১৩৬ পিএছ) শক্তি আৰু ২০০ এনএম টৰ্ক উৎপাদন কৰে। বাহনখনৰ চাৰ্টিফাইড ৰেঞ্জ হৈছে ৩৩২ কিলোমিটাৰ।উইণ্ডচৰ ইণ্ডালজ সংস্কৰণত কেইবাটাও নতুনত্ব সন্নিৱিষ্ট কৰা হৈছে।বাহনখনত এটা শ্বেড’ গ’ল্ড বডী আৰু কনষ্টাৰ্টিং ব্লেক ৰুফৰ সৈতে এটা ডুৱেল-ট’ন ৰূপ দিয়া হৈছে। ইয়াৰ উপৰি ক’লা ৰঙৰ আউটচাইড ৰিয়েৰ-ভিউ মিৰৰ, ১৮ ইঞ্চিতকৈ ডাঙৰ ব্লেক এলয় হুইল আৰু চি-পিলাৰত বিশেষ বেজ ব্যৱহাৰ কৰা হৈছে। বাহনখনৰ ভিতৰৰ ভাগত আৰ্বান টেন আৰু ক’লা ৰঙৰ আপহ’লষ্ট্ৰী, এম্ব্ৰইডাৰী কৰা সমুখৰ হেডৰেষ্ট আৰু পিছৰ আসনৰ যাত্ৰীসকলৰ বাবে এটা ষ্টেণ্ডৰ্ড প্ৰাইভ স্ক্ৰীন দিয়া হৈছে। ইয়াৰ লগতে আৰাম বৃদ্ধিৰ বাবে ইণ্ডালজ ব্ৰেণ্ডৰ কুশ্বন আৰু ডিঙিৰ গাৰু অন্তৰ্ভুক্ত কৰা হৈছে।আনহাতে, অতিৰিক্ত বৈশিষ্ট্যৰূপে বাহনখনত পিছফালৰ চানশ্বেড, থিমযুক্ত ৩ডি ফ্ল’ৰ মেট, ক্ৰ’মযুক্ত ফ্ৰণ্ট গ্ৰিল একচেণ্ট, বাম্পাৰ কৰ্নাৰ প্ৰটেক্টৰ, বডী-চাইড ম’ল্ডিং আৰু এটা প্ৰিমিয়াম লেডাৰৰ চাবিৰ কভাৰ দিয়া হৈছে।জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াৰ মুখ্য বাণিজ্যিক বিষয়া বিনয় ৰাইনাই জানিবলৈ দিয়ে যে, উইণ্ডচৰে ২৪ মাহত ৮০,০০০তকৈও অধিক পৰিয়ালৰ কাষ চাপিবলৈ সক্ষম হৈছে, যিয়ে ইলেক্ট্ৰিক বাহন ক্ৰেতাসকলৰ মাজত এই মডেলৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাকে প্ৰতিফলিত কৰে। ৰাইনাই লগতে কয় যে, এই নতুন সংস্কৰণটোৰ উদ্দেশ্য হৈছে গ্ৰাহকৰ পৰিৱৰ্তিত পছন্দসমূহৰ প্ৰতি সঁহাৰি জনাই এক অধিক প্ৰিমিয়াম আৰু ব্যক্তিগতকৃত অভিজ্ঞতা প্ৰদান কৰা।মন কৰিবলগীয়া যে, এই উইণ্ডচৰ গাড়ীখনত ১৩৫ ডিগ্ৰীলৈকে হেলনীয়া কৰিব পৰা এৰ’ লাউঞ্জ ছীট আৰু এটা ১৫.৬ ইঞ্চিৰ গ্ৰেণ্ডভিউ টাচ্চস্ক্ৰীন ডিছপ্লে’ আছে। Share this:FacebookX Related Post navigation টিভিএছ মটৰে যুৱপ্ৰজন্মৰ পছন্দৰ ডিজাইনৰ সৈতে সজাই তুলিছে ৰেডিঅ’ন, ৬৭,১০০ টকা দামৰ পৰা আৰম্ভ