ভাৰতৰ তাৰকা ভাৰোত্তোলক মীৰাবাঈ চানুৱে তেওঁৰ সুদীৰ্ঘ ক্ৰীড়া জীৱনৰ একমাত্ৰ বাকী থকা এছিয়ান গেমছৰ পদকটো লাভ কৰিবলৈ সম্পূৰ্ণ সাজু হৈ উঠিছে। ৪৯ কেজি মহিলা শাখাত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া চানুৰ বাবে এইবাৰ চীনৰ ভাৰোত্তোলকসকলৰ অনুপস্থিতিয়ে পদক জয়ৰ সম্ভাৱনা আৰু অধিক প্ৰকট কৰি তুলিছে। ইতিমধ্যে অলিম্পিক ৰূপৰ পদক, বিশ্ব চেম্পিয়নশ্বিপৰ সোণ আৰু কমনৱেলথ গেমছৰ সোণৰ পদক লাভ কৰা ৩২ বছৰীয়া মনিপুৰী খেলুৱৈগৰাকীৰ ট্ৰফী কেবিনেটত কেৱল এছিয়ান গেমছৰ পদকহে অনুপস্থিত। ইয়াৰ পূৰ্বে ২০১৪ চনত নৱম স্থান লাভ কৰা চানুৱে পিঠিৰ আঘাতৰ বাবে ২০১৮ চনৰ সংস্কৰণত অংশ ল’ব পৰা নাছিল আৰু ২০২৩ চনৰ হাংঝৌ এছিয়ান গেমছত কঁকালৰ আঘাতৰ বাবে চতুৰ্থ স্থানতে সন্তুষ্ট থাকিবলগীয়া হৈছিল। মুখ্য প্ৰশিক্ষক বিজয় শৰ্মাৰ তত্বাৱধানত বিগত সময়ছোৱাত চানুৱে বিশেষভাৱে এই প্ৰতিযোগিতাৰ বাবে কঠোৰ অনুশীলন চলাইছে। শেহতীয়াকৈ গ্লাছগ’ কমনৱেলথ গেমছত সোণৰ পদক অৰ্জন কৰাৰ ঠিক পিছদিনাৰ পৰাই তেওঁ পুনৰ অনুশীলনত আত্মনিয়োগ কৰে। অভিযান সম্পৰ্কে মীৰাবাঈ চানুৱে কয়-মোৰ মূল লক্ষ্য হৈছে এছিয়ান গেমছত পদক জয় কৰা। দীৰ্ঘদিন ধৰি মই এই লক্ষ্য আগত ৰাখি কাম কৰি আছো, কাৰণ কেৱল এইটো পদকহে মোৰ হাতত নাই। মই নিশ্চিতভাৱে ৯০ কেজি স্ন্যাচ লিফ্ট সম্পন্ন কৰিবলৈ চেষ্টা কৰিম। চীনৰ খেলুৱৈ উপস্থিত নাথাকিলেও চানুৰ বাবে মুখ্য প্ৰতিবন্ধক হৈ পৰিব পাৰে উত্তৰ কোৰিয়াৰ বৰ্তমানৰ বিশ্ব তথা এছিয়ান গেমছ চেম্পিয়ন ৰি সং গুম। ইয়াৰ উপৰিও দক্ষিণ কোৰিয়াৰ জেগিয়ং শ্বিন, চাইনিজ টাইপেইৰ ফাং ৱান-লিং আৰু থাইলেণ্ডৰ সুথাচিনী কাৱোচিংখনেও তীব্ৰ প্ৰত্যাহ্বান আগবঢ়োৱাৰ সম্ভাৱনা আছে।সম্ভৱতঃ নিজৰ অন্তিমটো এছিয়ান গেমছত অৱতীৰ্ণ হ’বলগীয়া চানুৱে বুধবাৰে নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে ইতিহাস ৰচাৰ লক্ষ্যৰে মঞ্চত অৱতীৰ্ণ হ’ব। Share this:FacebookX Related Post navigation নব্য ৰূপৰ শ্ব’ৰুমেৰে গুৱাহাটীত কল্যাণ জুৱেলাৰ্ছৰ ব্যৱসায়ৰ সম্প্ৰসাৰণ