উজনি অসমৰ ভয়াৱহ বানাক্ৰান্ত ৰাইজক উচিত ক্ষতিপূৰণ আৰু সাহাৰ্য প্ৰদানৰ দাবীত বুধবাৰে গুৱাহাটীৰ চচলস্থিত প্ৰতিবাদী স্থলীত ৰাইজৰ দলৰ উদ্যোগত এক গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। তিনিটা মাহ অতিক্ৰম কৰাৰ পিছতো চৰকাৰে কোনো ধৰণৰ প্ৰাপ্য সাহায্য নিদিয়াৰ অভিযোগ তুলি শ শ বানপীড়িত ৰাইজে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে। লগতে এই গণ বিক্ষোভ কাৰ্যসূচীত কুংকি চৌধুৰী, জ্ঞানশ্ৰী বৰাৰ লগতে চিজেপিৰ তিনিগৰাকী কেন্দ্ৰীয় নেতাই অংশগ্ৰহণ কৰে।নিজৰ ঘৰ-বাৰী, খেতি-বাতি ধ্বংস হোৱাৰ পিছতো চৰকাৰৰ কৃপাদৃষ্টি নোপোৱাত হাহাকাৰ কৰা এইসকল লোকে প্ৰতিবাদ স্থলীত উপস্থিত হৈ চৰকাৰ বিৰোধী উত্তাল শ্ল’গানেৰে আকাশ-বতাহ কঁপাই তোলে। Share this:FacebookX Related Post navigation এছিয়ান গেমছত পদকৰ প্ৰবল দাবিদাৰ ভাৰোত্তোলক মীৰাবাঈ চানু অসম আৰক্ষীয়ে ২২টা অনুপ্ৰৱেশকাৰীক ৰাজ্যখনত প্ৰৱেশ কৰাত বাধা দিয়াৰ বিপৰীতে অবৈধভাৱে প্ৰৱেশ কৰা আন ছটা অবৈধ অনুপ্ৰৱেশকাৰী আটক