কল্যাণ জুৱেলাৰ্ছে গুৱাহাটী মহানগৰীৰ লাচিত নগৰ আৰু এ টি ৰোডত থকা নিজৰ নব্য ৰূপৰ শ্ব’ৰুমসমূহ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। অহা ২৩ ছেপ্টেম্বৰ(বুধবাৰ)ত ক্ৰমে বিয়লি ৫:০০ বজা আৰু ৫:৪৫ বজাত বলীউডৰ জনপ্ৰিয় তাৰকা অভিনেতা অজয় দেৱগণে এই আউটলেট দুটা আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব।
এই নব্য ৰূপ প্ৰদান কৰা শ্ব’ৰুমকেইটাত সমসাময়িক বা আধুনিক অলংকাৰৰ সংগ্ৰহ আৰু এক উন্নত মানৰ বজাৰ কৰাৰ অভিজ্ঞতা লাভ কৰিব। ৰাজ্যখনত নিজৰ উপস্থিতি সম্প্ৰসাৰণৰ ধাৰা অব্যাহত ৰাখি মুঠ আউটলেটৰ সংখ্যা তৃতীয়টোলৈ বৃদ্ধি পাব।
কল্যাণ জুৱেলাৰ্ছৰ কাৰ্যবাহী সঞ্চালক ৰমেশ কল্যাণৰামনে কয় যে, কোম্পানীটোৰ বাবে অসম সদায়ে এক গুৰুত্বপূৰ্ণ বজাৰ হৈ আহিছে আৰু এই নব্য ৰূপৰ শ্ব’ৰুমসমূহৰ উদ্দেশ্য হৈছে গ্ৰাহকসকলক অধিক সুবিধা, সুলভতা আৰু উপযুক্ত মূল্য প্ৰদান কৰা।
এই মুকলি কাৰ্যসূচীৰ অংশ হিচাপে জুৱেলাৰী ব্ৰেণ্ডটোৱে মেকিং চাৰ্জ(গঢ়নিৰ খৰচ)ত ৩০% ৰেহাই আৰু পুৰণি সোণ সলনি কৰাৰ ক্ষেত্ৰত ০% কৰ্তন অফাৰ আগবঢ়াইছে। ইয়াৰ উপৰিও গ্ৰাহকসকলে কোম্পানীটোৰ স্পেচিয়েল গোল্ড বৰ্ড ৰেটৰ সুবিধাও লাভ কৰিব। কোম্পানীটোৱে জনোৱা অনুসৰি প্ৰতিটো অলংকাৰ বিআইএছ-হলমাৰ্কযুক্ত আৰু এইবোৰ কেইবাটাও পৰ্যায়ৰ বিশুদ্ধতা পৰীক্ষাৰ মাজেৰে পাৰ হৈ আহে। লগতে গ্ৰাহকসকলে ইয়াৰ ৪-স্তৰীয় আশ্বাস প্ৰমাণপত্ৰ লাভ কৰিব, য’ত সোণৰ বিশুদ্ধতা, জীৱনজুৰি বিনামূলীয়া মেৰামতি, সামগ্ৰীৰ বিতং তথ্য আৰু স্বচ্ছ বিনিময় তথা বাই-বেক পলিচী আদিও অন্তৰ্ভুক্ত আছে।
গুৱাহাটীত এই সম্প্ৰসাৰণ এনে এক সময়ত কৰা হৈছে য’ত জুৱেলাৰী খুচুৰা বিক্ৰেতাসকলে সমগ্ৰ মহানগৰখনতে বিবাহ, পৰম্পৰাগত আৰু দৈনন্দিন ব্যৱহাৰ্য অলংকাৰৰ চাহিদা পূৰণত গুৰুত্ব দি আহিছে। এই শ্ব’ৰুমসমূহত মুহুৰত, মুদ্ৰা, নিমা, গ্ল’, জিয়াহ, অনোখী, অপূৰ্ব, অন্তৰা, হেৰা, ৰং আৰু লীলা আদিকে ধৰি কোম্পানীটোৰ জনপ্ৰিয় ব্ৰেণ্ডসমূহৰ অলংকাৰ উপলব্ধ হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *