ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসত মেগালয় বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় (USTM)-ৰ পদাৰ্থ বিজ্ঞান বিভাগ আৰু কম্পিউটাৰ বিজ্ঞান বিভাগে ৰোবটিক্স ক্লব, USTM-ৰ সহযোগত সোমবাৰে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস ২০২৬ উপলক্ষে “ৰোবটিক্স স্কিল ৱৰ্কশ্বপ”ৰ আয়োজন কৰে। এই কর্মশালাৰ উদ্দেশ্য আছিল যুৱ মনক ৰোবটিক্স, অটোমেচন আৰু উদীয়মান প্ৰযুক্তিৰ ভৱিষ্যত অন্বেষণ কৰিবলৈ অনুপ্ৰাণিত কৰা। কর্মশালাটোত ছাত্ৰ-ছাত্ৰীসকলে উদীয়মান প্ৰযুক্তিসমূহৰ ক্ষেত্ৰত হাতেকেঁতে প্ৰশিক্ষণ আৰু ব্যৱহাৰিক অভিজ্ঞতা লাভ কৰে, য’ত CAD-ৰ মূল কথা, সৰু CAD ডিজাইন প্ৰশিক্ষণ, 3D ডিজাইন প্ৰিণ্টিং, এক্সপ্লোৰাৰ কিটৰ পৰিচয়, হাতেকেঁতে ৰোবট নিৰ্মাণ, আৰু “লেব টু মাৰ্কেট: ব্ৰীজিং ইনোভেচন এণ্ড এণ্ট্ৰেপ্ৰেনিউৰশ্বিপ”ৰ ওপৰত বিশেষ অধিবেশন অন্তৰ্ভুক্ত আছিল। অসম আৰু উত্তৰ-পূবৰ কেইবাখনো প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে এই কর্মশালাত অংশগ্ৰহণ কৰে। অনুষ্ঠানটো USTM-ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী ড° হৰি প্ৰসাদ জৈশীয়ে আন্তৰিক শুভেচ্ছা জনাই আচম্ভ কৰে। অনুষ্ঠানটোত USTM-ৰ উপাচাৰ্য প্ৰফেচৰ জি.ডি. শৰ্মাই অংশগ্ৰহণকাৰীসকলক সম্বোধন কৰি উদীয়মান প্ৰযুক্তিসমূহ অন্বেষণ কৰিবল আৰু সমাজ আৰু জাতীয় উন্নয়নৰ বাবে উদ্ভাবনীমূলক চিন্তাধাৰা গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰে। USTM-ৰ স্কুল অফ টেকনোলজি এণ্ড মেনেজমেণ্টৰ ডিন আৰু চেণ্টাৰ ফৰ ইনোভেচন, ইনকিউবেচন এণ্ড এণ্ট্ৰেপ্ৰেনিউৰশ্বিপৰ পৰিচালক প্ৰফেচৰ অমিত চৌধুৰীয়েও অংশগ্ৰহণকাৰীসকলক সম্বোধন কৰে। ৰোবটিক্স ক্লব, USTM-ৰ প্ৰশিক্ষকসকলে কাৰিকৰী অধিবেশনসমূহ পৰিচালনা কৰে। অংশগ্ৰহণকাৰীসকলে CAD ডিজাইন, 3D প্ৰিণ্টিং আৰু ৰোবট নিৰ্মাণৰ ক্ষেত্ৰত হাতেকেঁতে প্ৰশিক্ষণ লাভ কৰে, আৰু ছকচাৰ আৰু ৱাৰ বটৰ জীৱন্ত প্ৰদৰ্শন উপভোগ কৰে, যাৰ ফলে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত উৎসাহ বৃদ্ধি পায়। “লেব টু মাৰ্কেট: ব্ৰীজিং ইনোভেচন এণ্ড এণ্ট্ৰেপ্ৰেনিউৰশ্বিপ” শীৰ্ষক এটা বিশেষ অধিবেশনত উদ্ভাবনীমূলক ধাৰণাসমূহক ব্যৱহাৰিক সমাধান আৰু স্থায়ী উদ্যোগী প্ৰচেষ্টাত ৰূপান্তৰিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। এই কর্মশালাটোৱে আধুনিক উদ্যোগ আৰু গৱেষণাত ৰোবটিক্স, অটোমেচন, IoT আৰু ডিজাইন প্ৰযুক্তিসমূহৰ বৃদ্ধি পোৱা প্ৰাসঙ্গিকতাৰ বিষয়ে সজাগতা বৃদ্ধি কৰে। Share this:FacebookX Related Post navigation উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ