ত্ৰিপুৰাৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ত সোমবাৰে পুৱা সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতিৰ। কাৰ্যালায়ৰ ভিতৰত আৰক্ষী সঞ্চালকপ্ৰধান অনুৰাগ ধনকৰৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হয় এই পৰিস্থিতিৰ। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ততাতৈয়াকৈ ডিজিপি অফিচত উপস্থিত হয় খোদ মুখ্যমন্ত্ৰী মাণিক সাহা।

মুখ্যমন্ত্ৰীৰ উপস্থিতিৰ সময়ত কাৰ্যালয়ত একাধিক জ্যেষ্ঠ আৰক্ষী বিষয়া আৰু চৰকাৰী বিষয়াৰ সমাগম ঘটে। ঘটনাটোৰ সন্দৰ্ভত উচ্চপদস্থ বিষয়াসকলৰ সৈতে তেওঁ পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে অৱশ্যে সাংবাদিকৰ মুখামুখি হোৱাৰ পৰা বিৰত থাকে।

উল্লেখ্য যে, অনুৰাগ ধনকৰ ১৯৯৪ বৰ্ষৰ ভাৰতীয় আৰক্ষী সেৱাৰ ত্ৰিপুৰা শাখাৰ বিষয়া। ২০২৫ চনৰ মে’ মাহত তেওঁ ত্ৰিপুৰাৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ দায়িত্ব গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে আৰক্ষী সঞ্চালকপ্ৰধান (গোপন তথ্য) হিচাপে দায়িত্ব পালন কৰাৰ উপৰি কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো, সীমান্ত সুৰক্ষা বাহিনী আৰু কছোভোত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানতো তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।

ঘটনাটোক কেন্দ্ৰ কৰি বিভিন্ন বেচৰকাৰী সূত্ৰৰ জৰিয়তে বিভিন্ন তথ্য প্ৰচাৰিত হৈছে। আত্মহত্যাৰ সম্ভাৱনাক লৈও জল্পনা চলিছে। অৱশ্যে মৃত্যুৰ কাৰণ অথবা ঘটনাটোৰ প্ৰকৃতি সম্পৰ্কে ত্ৰিপুৰা চৰকাৰ আৰু ত্ৰিপুৰা আৰক্ষীয়ে এতিয়ালৈকে কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাই। প্ৰয়োজনীয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পাছতহে এই সন্দৰ্ভত আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা হ’ব বুলি চৰকাৰী সূত্ৰই সদৰী কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *